নাজিৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগ উদ্বোধন৷  থলুৱা নিবনুৱা সংস্থাপনৰ নতুন ধাৰাৰ সঞ্চাৰ ৷

নিউজ ডেস্ক PR NEWS ASSAM

“ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ অবিৰত প্ৰয়াস – বিকাশ যাত্ৰা”ৰ অংশ স্বৰূপে  অসমৰ  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নাজিৰা মহকুমা অন্তৰ্গত  *চানবছাস্থিত ৰপ্তানিমুখী গাহৰি প্ৰক্ৰিয়াকৰণ উদ্যোগটি দিনৰ ১২ .৩০ বজাত শুভ উদ্ধোধন কৰে৷লগত উপস্থিত থাকে ৰাজ্যৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু ৷ উল্লেখ্য যে ১৯৯৩ চনতেই প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনতেই আধাৰশিলা হোৱা পৰৱৰ্তীসময়ত অসম গণ পৰিষদ দলৰ চৰকাৰৰ দিনত মন্ত্ৰী হিৰণ্য কোৱঁৰৰ উদ্যোগত উক্ত প্ৰকল্পটোৰ কাম-কাজ আগবঢ়াৰ পাছত পৰৱৰ্তীকালত কংগ্ৰেছ চৰকাৰৰ দিনত কাম- কাজ স্থবিৰ হোৱাৰ পাছত পুণৰ ৰাজ্যত বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰৰ দিনত প্ৰকল্পটোৰ কাম -কাজ বিভাগীয় মন্ত্ৰী অতুল বৰাই আগবঢ়াই নি আজি ১৭ কৌটি টকীয়া প্ৰকল্পটো ৰাজ্যৰ মুখ্যমন্ত্ৰীজনাই শুভ উদ্বোধন কৰাত স্বাভাৱিকতেই স্থানীয় তথা ৰাজ্যৰ নিবনুৱাৰ সংস্থাপনৰ এক আশাৰ সঞ্চাৰ কৰে ৷ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে উপস্থিত  হৈ পদব্ৰজেৰে ৰাইজৰ লগতে মত বিনিময় কৰি প্ৰকল্পটোলৈ গৈ উদ্বোধন কৰে ৷ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীজন ডিমৌলৈ গৈ বিভিন্ন প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে আৰু ৰাজহুৱা সভা সম্বোধন কৰিবলৈ ৰাওনা হয়৷