প্ৰধানমন্ত্ৰী মোডীৰ যোৰহাটত জনসভা:মহাবীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন ৷

PR NEWS ASSAM : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৰহাটৰ হোলোঙাপাৰত মহাবীৰ লাচিত বৰফুকনৰ ১২৫ বৰ্গ ফুটৰ সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰি অসমীয়াা স্বাভিমান আৰু একপ্ৰকাৰ বিদেশী শত্ৰুক নাশৰ প্ৰতিজ্ঞা কৰিলে আৰু অসম আৰু অসমীয়া জাতিক শক্তিশালী ৰুপে দেশবাসীৰ সন্মুখত দাঙি ধৰিলে ৷লগতে এক জনসভাত ১১ টাকৈ প্ৰকল্পৰ শুভাৰম্ভ কৰে ৷হাজাৰ হাজাৰ জনসাধাৰণৰ উপস্থিতিয়ে দেশৰ প্ৰধানমন্ত্ৰীজনৰ লগত আগবাঢ়ি যোৱাৰো ইংগিত বহন কৰে৷নিশ্চিতভাৱে আগন্তুক লোকসভা নিৰ্বাচনত একপ্ৰকাৰ বিৰোধীক পুণৰবাৰ দুৰ্বল কৰি তুলিলে ৷ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুণৰবাৰ সবল পদক্ষেপ প্ৰকাশ পালে আৰু উজনি অসমৰ সকলো জিলাৰ ৰাইজৰ উপস্থিতিয়ে চৰকাৰৰ পদক্ষেপ অধিক জনসাধাৰণমুখী হোৱাৰ ইংগিত বহন কৰিলে ৷শিৱসাগৰ আৰু তিনিচুকীয়া মেডিকেল কলেজ হস্পিতালৰো আধাৰশিলাও ৰাইজৰ মাজত উৎসাহিত কৰিছে ৷