নিউজ ডেস্ক PR NEWS ASSAM
বিশ্বত অব্যাহত আছে কৰোনাৰ সংহাৰ । বিশ্বৰ দুঃসময়ৰ সময়তে এক ভাল খবৰ ,আহি আছে কৰোনাৰ ভেকচিন । প্ৰায়বোৰ দেশে কৰোনাৰ ভেকচিন প্ৰস্তুত কৰিবৰ বাবে প্ৰয়াস কৰি থকা সময়তে গ্ৰেট ব্ৰিটেইনে অনুমোদন জনাইছে Pfizer-BioNTechৰ কৰোনা ভেকচিনক । দেশখনৰ Medicines and Healthcare Products Regulatory Authority য়ে জৰুৰী সময়ত ব্যৱহাৰৰ বাবে এই ভেকচিনক স্বীকৃতি প্ৰদান কৰিছে ।আশা কৰামতে ভাৰতত উপলব্ধ হ’ব কৰোনাৰ এই ভেকচিন৷