ইংৰাজী ২৬ জানুৱাৰী তাৰিখে শিবসাগৰ প্ৰেছ ক্লাৱত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱে জিলাখনৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক সকলক মুখ্যমন্ত্ৰীৰ নতুন বছৰৰ শুভেচ্ছামূলক উপহাৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷ এই অনুষ্ঠানত জিলা আয়ুক্তৰ সৈতে সাংবাদিক সকলৰ জিলাখনৰ বিভিন্ন সমস্যাক লৈ এক বাৰ্তালাপো অনুষ্ঠিত হয় ৷ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া কংকনা শইকীয়াই আঁত ধৰা এই উপহাৰ বিতৰণ অনুষ্ঠানত শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত সাংবাদকৰ কৰ্তব্য আৰু দায়িত্ববোধৰ ওপৰত এক তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰদান কৰে ৷ জ্যেষ্ঠ সাংবাদিক মণিৰুল ইছলাম বৰা, অতনু বৰা, ড° উৎপল দত্ত, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকা, মুজাহিদ আলি, ভাস্কৰ বৰগোঁহাই আৰু মুনীন্দ্ৰ শইকীয়াই এই অনুষ্ঠানত শিৱসাগৰ জিলাৰ বিভিন্ন সমস্যাৰ বিষয়ে জিলা আয়ুক্তক দৃষ্টিগোচৰ কৰে ৷
অনুষ্ঠানত ৫০ গৰাকী সাংবাদিকক শুভেচ্ছমূলক উপহাৰ প্ৰদান কৰা হয় ৷
শিৱসাগৰ জিলাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক সকলক মুখ্যমন্ত্ৰীৰ শুভেচ্ছামূলক উপহাৰ অনুষ্ঠানিকভাৱে প্ৰদান ৷
