PR NEWS ASSAMঃনাজিৰা নগৰৰ মিলন মন্দিৰত অনুষ্ঠিত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নাজিৰা সমষ্টিৰ নতুন সমিতিত সভাপতি হিচাবে নিৰ্বাচিত হৈছে নাজিৰাৰ বিশিষ্ট অধিবক্তা তথা যুৱ সমাজকৰ্মী পংকজ মহন্তই৷জানিব পৰামতে আঞ্চলিকতাবাদ শিবিৰৰ তথা জাতীয়তাবাদী ভাৱধাৰাত বিশ্বাসী অসম গণ পৰিষদ দলত ২০১৩ চনৰে পৰা আইনী উপদেষ্টা তথা মিডিয়া কোষৰ আহ্বায়কৰ দায়িত্বত থকাৰ লগতে নাজিৰা অঞ্চলৰ বিভিন্ন সামাজিক কামত সেৱা আগবঢ়াই অহা অধিবক্তাজনৰ দায়িত্ব গ্ৰহণে নিশ্চিতভাৱে দলটিক সমষ্টিত ভেটি সুদৃঢ় কৰাত যথেষ্ট সহায়ক হিচাবে পৰিগণিত হ’ব৷সাম্প্ৰতিক সময়ৰ ৰাজনীতিত এজন উদীয়মান তথা শিক্ষিত যুৱকৰ আগমণে দলীয় কৰ্মীসকলক যথেষ্ট উৎসাহিত কৰিছে ৷নৱ নিৰ্বাচিত সভাপতিজনে ৰাইজৰ তথা দলৰ কাম-কাজ নিয়াৰিকৈ কৰি যাবলৈ নাজিৰা সমষ্টিৰ ৰাইজৰ সহায় -সহযোগিতা কামনা কৰিছে৷
নাজিৰা সমষ্টিৰ অসম যুৱ পৰিষদৰ সভাপতিৰ পদত যুৱ অধিবক্তা পংকজ মহন্ত ঃ অধিক শক্তিশালীৰ দিশত নাজিৰাত অগপৰ সংগঠন ৷
