*শিৱসাগৰ জিলাত গুটখা, পাণ মচলা, তামোল, চিগাৰেট আদি বিক্ৰীত নিষেধাজ্ঞা৷

PR NEWS ASSAM :শিৱসাগৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ আশে-পাশে থকা দোকান সমূহত গোটখা, পান মচলা, তামোল, চিগাৰেট আদি বিক্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলৰ এই সামগ্ৰী সমূহৰ প্ৰতি আসক্তি বৃদ্ধি তথা জনস্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ আদিত্য বিক্ৰম য়াদৱে এক নিৰ্দেশ যোগে ভাৰতীয় ফৌজদাৰী আইনৰ ১৩৩ ধাৰাৰ অধীনত বিদ্যালয়/মহাবিদ্যালয় সমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ দোকান সমূহত গুটখা, পাণ মচলা, তামোল, চিগাৰেট আৰু অন্যান্য এনেধৰণৰ সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ কৰিছে । 
এই আদেশ  অমান্য কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উক্ত নিৰ্দেশটোত উল্লেখ কৰিছে । এই ক্ষেত্ৰত অভিযোগ দাখিলৰ বাবে ০৩৭৭২-২৫২৩৩৫ দূৰভাষ নম্বৰ  নাজিৰা মহকুমা প্ৰশাসনে মুকলি কৰিছে।