ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাত নাজিৰাত নামিল প্ৰদীপ হাজৰিকা ৷ সমষ্টি হেৰুৱাই দিকবিদিক হাজৰিকাৰ :পুত্ৰক প্ৰক্ষেপ৷


PR NEWS ASSAM:
সমষ্টি পুণৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পাছত শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টি কৰ্তনৰ পাছত এইবাৰ আমগুৰি সমষ্টিৰ চতুৰ ৰাজনীতিবিদ প্ৰদীপ হাজৰিকাই নিজৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি এফালে পুত্ৰ সুদৰ্শন হাজৰিকা আৰু আনফালে নিজে শিৱসাগৰ আৰু নাজিৰা বিধানসভা সমষ্টিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পদাৰ্পণ কৰাই আঞ্চলিক দল অগপক এক প্ৰকাৰ সাৰথি কৰি ৰাজনীতি কৰাত আগবাঢ়িছে কিছু অঙহী-বঙহীক লৈ আৰু ইয়াক লৈ নাজিৰা অগপৰ মাজত তীব্ৰ বিষোদগাৰ হৈছে৷জানিব পৰামতে অসম গণ পৰিষদ নাজিৰাৰ আইন কোষৰ আহ্বাহক তথা উপদেষ্টা যুৱ অধিবক্তা পংকজ মহন্তই উক্ত পদৰ পৰা পদত্যাগ কৰিছে৷নিজৰ সমষ্টি ৰাখিব নোৱৰা আৰু দীৰ্ঘসময় দলীয় কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ পদত থাকি নিজৰ পূৰ্বৰ আমগুৰি বিধানসভা সমষ্টিতেই খামুচি থাকি দাতিকাষৰীয়া সমষ্টিত দলৰ সাগংঠনিক কাম-কাজত গুৰুত্ব নিদিয়া আৰু ২০১৪ চনৰ লোকসভা নিৰ্বাচনতেই নাজিৰা বিধানসভা সমষ্টিত নিজৰ ভোটৰ অংকৰ স্বাৰ্থত নিৰ্বাচনী বৈতৰণী পাৰ কৰা তেনে সমষ্টি কেন্দ্ৰীক নেতা আৰু নাজিৰা সমষ্টিত কোনো উল্লেখনীয় সাংগঠনিক কাম-কাজ নকৰা নেতাৰ প্ৰতিবাদ জনাই যুৱ অধিবক্তাজনে দলৰ পৰা পদত্যাগ কৰিছে ৷লগতে অসম গণ পৰিষদ নাজিৰাৰ জেষ্ঠ্য নেতাকেইজনৰ নিমাতী কন্যাৰ স্বৰূপ দেখি দলটোৰ ভৱিষ্যতত প্ৰশ্ন আহি পৰিছে ৷এক কথা থিক যে স্থানীয় শিক্ষিত তথা জনহিতৈষী ব্যক্তিক গুৰুত্ব নিধি পলৰীয়া তথা ভগা নেতাক গুৰুত্ব দিয়াত দলটি যে শলঠেকত পৰিব সি প্ৰায় নিশ্চিত৷ ৰাইজে যে প্ৰদীপ হাজৰীকা আৰু কোম্পানীক সহজে বিশ্বাসত ল’ব সিও সহজ নহ’ব ৷শিৱসাগৰত ৰাইজৰ দলৰ অখিল গগৈ আৰু নাজিৰাত বিৰোধী দলপতি তথা কংগ্ৰেছ দলৰ দেৱব্ৰত শইকীয়া সহজসাধ্য নহ’ব ৷ইফালে মিত্ৰদল বিজেপিয়েও কি দৰে বিষয়টি লয় সি সময়েহে ক’ব ৷পৰিয়াকেন্দ্ৰিক ৰাজনীতিৰ অংকৰে প্ৰদীপ হাজৰীকাই পুত্ৰ সুদৰ্শন হাজৰিকা শিৱসাগৰ সমষ্টি এলেকাৰ বৰ্তমান বাসিন্দা যদিও নাজিৰা বিধানসভা সমষ্টিৰ ভোটাৰ গ্ৰহণ নকৰাকৈ কেনেদৰে স্থায়ী নাজিৰা সমষ্টিৰ লোকক উপেক্ষা কৰি নাজিৰা বিধানসভা সমষ্টিৰ সম্পাদকত স্থান দিলে সিহে ৰহস্যৰ বিষয় হৈ ৰ’ল ৷