অভিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷


PR NEWS ASSAM
১৯ অক্টোবৰঃ বনকৰা মহিলাক নিজ চৰকাৰী আবাসত শাৰীৰিক তথা অকথ্য নিৰ্যাতন চলাই  চাকৰিৰ পৰা নিলম্বন হৈ শিৱসাগৰ জেল – হাজোতত থকা অভিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদনৰ শুনানিৰ অন্তত মহামান্য ন্যায়ালয়ে নাকচ কৰে ৷নাজিৰা থানা গোচৰ নং ৩৬/২০২৩ ৰ জামিন আবেদন গোচৰ ৩৩৮১/২০২৩ ত শুনানি হৈছিল ৷উক্ত শুনানিত অতিৰিক্ত চৰকাৰী অধিবক্তাই   জামিন দিয়াত আপত্তি দৰ্শাই৷ ইতিমধ্যে এই গোচৰত তদন্তকাৰী বিষয়াই অভিযোগনামা আদালতত দাখিল কৰিছিল আৰু নাজিৰা মহকুমা ন্যায়িক  দণ্ডাধীশৰ আদালতৰ গোচৰ নং ৭৯/২০২৩ ত গুৱাহাটী ন্যায়ালয়ে গোচৰটোত  উপযুক্ত তথ্য আৰু সাক্ষী প্ৰমাণৰ সুৰক্ষাৰ স্বাৰ্থত আৰু অভিযুক্ত এগৰাকী উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া হোৱাৰ বাবে জামিন পালে গোচৰৰ লগত জড়িত সাক্ষীসকলক বিভিন্ন হেচা প্ৰয়োগ বা বিপথে পৰিচালিত কৰিব পাৰে তথা বিচাৰ প্ৰক্ৰিয়াটোত নেতিবাচক প্ৰভাৱ পেলাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জামিন আবেদন নাকচ কৰি আচামী শুভলক্ষ্মী দত্তক ন্যায়িক জিম্মাতে ৰাখে আৰু ভুক্তভোগী তথা জখমীৰ গোচৰটোত সাক্ষ্য নোহোৱালৈকে জামিন দিয়া নহ’ব বুলিও আদালতৰ আদেশত উল্লেখ কৰে৷ ইয়াৰ ফলত অভিযুক্ত আচামীৰ এক দীঘলীয়া সময় জেল হাজোতত থকাটো এক প্ৰকাৰ খাটাং হ’ল৷