জীৱন আৰু কীৰ্তি শীৰ্ষক এক অভিনন্দন গ্ৰন্থ উন্মোচন৷

PR NEWS ASSAM,টিহুঃ বৰ্তমান দেশত জাতিপ্ৰেমীৰ প্ৰতিদন্দ্বিতা চলিছে৷ |আমি অসমীয়াবোৰে ইজনে সিজনক নিজতকৈ ভাল অসমীয়া নহয় বুলি ভাবিবলৈ লোৱাটো দূৰ্ভাগ্যজনক বিশিষ্ট সাংবাদিক- সমালোচক হাইদৰ হুছেইনে আজি টিহুত এইদৰে কয়। টিহু সাহিত্য সভাৰ উদ্যোগত টিহুৰ মহাত্মা গান্ধী ভৱনত অৱসৰী অধ্যাপক-সমাজকৰ্মী সোমনাথ ডেকাৰ “মানৱ দৰদী শিক্ষাবিদ সোমনাথ ডেকাঃ জীৱন আৰু কৃতি” শীৰ্ষক এক অভিনন্দন গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট সাংবাদিক হুছেইনে আৰু কয় যে সম্প্ৰতি অসমৰ শিক্ষাৰ বিকাশৰ গুৰিতে যিসকল মহান ব্যক্তিৰ অৱদান আছে সেইসকলক স্বীকাৰ কৰিবই লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে সেইসকল মহান ব্যক্তিৰ অৱদান শৈক্ষিক আৰু সমাজ উন্নয়নৰ ক্ষেত্ৰত চিৰস্মৰণীয় হৈ ৰব। সাহিত্য সভাৰ সভাপতি শংকৰ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত সান্ত্বনা কলিতাৰ স্ত্ৰোত্ৰ পাঠেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত কবিতা পাঠ কৰে টিহু সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা শিল্পী হেমন্ত তালুকদাৰে। উক্ত সভাত কুৰিটাৰো অধিক দল- সংগঠন-অনুষ্ঠান তথা ব্যক্তি বিশেষে শিক্ষাবিদ সোমনাথ ডেকাক গামোচা , মানপত্র , চেলেং , কিতাপ ,কলম আদিৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে |গ্ৰন্থ উন্মোচনী সভাখনত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ অধ্যাপক ডঃ শিখৰ কুমাৰ শৰ্মাই তথ্য সংগ্ৰহত গুৰুত্ব দিয়া উচিত আৰু তথ্যইহে বুৰঞ্জীৰ সৃষ্টি কৰে বুলি মন্তব্য কৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অৱসৰী অধ্যাপক ডঃ উমেশ ডেকাই ভাষণ দি সোমনাথ ডেকাক অসমীয়া ভাষা সংস্কৃতিৰ সংগঠক বুলি অভিহিত কৰে ৷ অভিনন্দন গ্ৰন্থখনৰ সম্পাদক অজিত কুমাৰ শৰ্মাই আঁতধৰা আৰু অনুভৱ ব্যক্ত কৰা সভাত টিহু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সমাজকৰ্মী সোমনাথ ডেকাই নিজৰ অনুভৱ প্ৰকাশ কৰে ।