PR NEWS ASSAM নাজিৰা, ১ আগষ্ট: অসম ৰাজ্যিক মহিলা আয়োগৰ নিৰ্দেশমৰ্মে আজি নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমা পৰ্যায়ৰ মহিলা কোষৰ এখন বৈঠক অনুষ্ঠিত হয়।মহকুমাধিপতি আয়ুষী জৈন, অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্য লাকী গগৈ, সহকাৰী আয়ুক্ত উপাসনা বৰা, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্তৰ লগতে মহকুমা মহিলা কোষৰ সদস্য সকলৰ উপস্থিতিত মহিলা সকলে সন্মুখীন হোৱা সমস্যা সমূ্হৰ বিষয়ে আলোচনা কৰা হয়।এই সন্দৰ্ভত অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্য লাকী গগৈয়ে মহিলা সকলে কেনেকৈ মহকুমা পৰ্য্যায়ৰ মহিলা কোষৰ ওচৰত নিজৰ অভাৱ – অভিযোগ সমূহ দাখিল কৰিব পাৰে তাৰ বিষয়ে বিতংগ ভাৱে অৱগত কৰে। লগতে এই ক্ষেত্ৰত মহিলা সকলক সজাগ কৰাৰ উদ্দেশ্য তেখেতে তৃণমূল পৰ্য্যায়ত ব্যাপক প্ৰচাৰ অভিযান চলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোট সমূহৰ মাধ্যমেৰে তৃণমূল পৰ্য্যায়ৰ মহিলা সকলৰ মাজতো কি দৰে সজাগতা সৃষ্টি কৰিব পাৰি সেই বিষয়ে সভাত আলোচনা কৰা হয়।
নাজিৰা মহকুমাত মহিলা কোষৰ বৈঠক
