নাজিৰাত ঘোচখোৰ লাট মণ্ডলক গ্ৰেপ্তাৰ৷মণ্ডলে লগাইছে কন্দল৷

PR NEWS ASSAM

নাজিৰা ৰাজহ চক্ৰ কাৰ্যালয়ত দিগন্ত বৰুৱা নামৰ এজন লাট মণ্ডলক দুৰ্নীতি নিবাৰক শাখাই ঘোচ লোৱাৰ অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ কৰে৷জানিব পৰামতে লাট মণ্ডলজনে দীৰ্ঘদিন ধৰি বিভিন্নলোকৰ পৰা মাটিৰ কামৰ বাবদ ঘোচ লৈ আহিছিল৷বহু অভিযোগ আছে যে নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত একাংশ দালালে একাংশ লাট মণ্ডলৰ লগত লগলাগি জনসাধাৰণক হাৰাশাস্তি কৰাৰ লগতে টকা দাবী কৰি আহিছে আৰু ঘোচ নিদিলে কাম কৰি নিদিয়ে ৷একাংশ দালালে তৰণীৰ ভূমিকা লৈ কাৰ্যালয়ৰ চৌহদত মাটিৰ দালালী কৰি আহিছে৷