টিহুত যতীন বৰা # বৈদ্যুতিক ব্যৱসায়ীক প্ৰতিষ্ঠান উদ্বোধন #

PR NEWS ASSAM ,টিহুঃ টিহুত সোমবাৰে এখন বৈদ্যুতিক ব্যৱসায়ী প্ৰতিষ্ঠানৰ উদ্বোধন কৰে বিশিষ্ট জনপ্ৰিয় অভিনেতা যতীন বৰাই । টিহুৰ কিশোৰ নাথ মালিকানাধীন “নাথ ইলেকট্ৰিকেল এণ্ড ইলেক্ট্ৰনিকচ ” নামৰ বৈদ্যুতিক ব্যৱসায়ী প্ৰতিষ্ঠান খন উদ্বোধনী অনুষ্ঠানত যতিন বৰাৰ সহধৰ্মিণী নৱনিতা বৰা সহ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশ লয়। এই উদ্দেশ্যে যুৱ নেতা মণ্টো কলিতাই আতধৰা উদ্বোধনী অনুষ্ঠানত উদ্বোধক বিশিষ্ট অভিনেতা, পৰিচালক, বোলছবি প্ৰযোজক যতিন বৰা, তেওঁৰ সহধৰ্মিণী নৱনিতা বৰা সহ বিশিষ্ট অতিথি সকলক ফুলাম গামোচা, জাপি আদিৰে “নাথ ইলেকট্ৰিকেল এণ্ড ইলেক্ট্ৰনিকচ”ৰ স্বত্বাধিকাৰী কিশোৰ নাথ আৰু তেওঁৰ পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় । সকলো ধৰণৰ বৈদ্যুতিক সামগ্ৰী উপলব্ধ হোৱা ব্যৱসায়ী প্ৰতিষ্ঠান এখন টিহুত আৰম্ভ কৰাৰ বাবে কিশোৰ নাথক ধন্যবাদ জনাই যতীন বৰাই । এই ব্যৱসায়ী প্ৰতিষ্ঠান খনৰ পৰা সমগ্ৰ অঞ্চল টোৰ ৰাইজৰ বিশেষ সহায় হব বুলি আশাবাদী যতীন বৰা ।