মাজুলীত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷

নিউজ ডেস্ক PR NEWS ASSAMঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাজুলী জিলাৰ জেংৰাইমুখ আৰক্ষী থানাৰ চৌহদত প্ৰী ইঞ্জিনীয়াৰ্ড বিল্ডিং প্ৰযুক্তিৰে নিৰ্মাণ হ’বলগীয়া জেংৰাইমুখ আৰক্ষী নিৱেশ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও ৰাজ্যখনৰ আন ৭১খন স্থানত নিৰ্মাণ হ’বলগীয়া এনেধৰণৰ আৰক্ষী নিৱেশৰ আধাৰশিলাও ভাৰ্চুৱেলী এই স্থানৰ পৰাই শুভাৰম্ভ কৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত ১০০খন আৰক্ষী নিৱেশ নিৰ্মাণৰ পদক্ষেপ লৈছে। আজি ইয়াৰে ৭২খনৰ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয়।