সাংবাদিকৰ পেঞ্চন ২০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবী ‘জা’ৰ

২০১৪ চনৰ পৰা চৰকাৰী বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি নকৰাত গভীৰ উদ্বেগ।

নিউজ ডেস্ক PR NEWS ASSAM : জানেলিষ্ট এচছিয়েছন অব্ আসাম (জা)ৰ এক গুৰুত্বপূৰ্ণ কাযনিবাহক সভা আজি সংস্থাৰ সভাপতি তথা বিশিষ্ট সাংবাদিক বুদ্ধিজীৱী ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্ত্তীৰৰ সভাপতিত্বত অনুষ্ঠিত হয় ৷ ‘জা’ ৰ সাধাৰণ সম্পাদক ডালিম ফুকনে সভাৰ উদ্দেশ্য বাখাত ৰাজ্যখনৰ কৰ্মৰত সাংবাদিকসকলৰ সমস্যা আৰু ইয়াৰ সমাধান হিচাবে সাংবাদিক সংস্থাটোৱে ভৱিষ্যত কৰ্ম পন্থাৰ বাখ্যাৰে এক দীঘলীয়া প্ৰতিবেদন দাখিল কৰে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নেশ্যনেল ইউনিয়ন অৱ জাৰ্ণেলিষ্ট ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা জা’ৰ মুখ্য উপদেষ্টা ভূপেন গোস্বামীয়ে সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমত গা কৰি উঠা বিভিন্ন সমস্যাৰ ওপৰত বাখ্যা আগবঢ়াই সাংবাদিক সকলক নীতি নিষ্ঠাৰে কাম কৰাৰ আহ্বান জনায়। উক্ত সভাত ময়ূখ গোস্বামী, সন্দীপ শৰ্মা, প্ৰাঞ্জল বৰদলৈ, সুনিল বৰা, মানস প্ৰতীম হাজৰিকা, সুদীপ শৰ্মা চৌধুৰী, কুমাৰ নৃপেন্দ্ৰ ৰাজবংশী, পৰমানন্দ ডেকা, গীতা চহৰীয়া, তৃষ্ণা দলে পেগু, পূজা শৰ্মা, গীতিমালিকা ৰাভা,চবিন ডেকাই নিজৰ নিজৰ অভিজ্ঞতাৰে সাংবাদিক আৰু সংবাদ মাধ্যমৰ কল্যাণৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।
আজিৰ কাৰ্যনিৰ্বাহক সভাই সাংবাদিক আৰু সংবাদ মাধ্যমৰ জলন্ত সমস্যাৰ ওপৰত আলোচনা কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে ২০১৪ চনৰ পৰা চৰকাৰী বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি নকৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু এই বিজ্ঞাপনৰ নিৰিখ এশ শতাংশ বৃদ্ধি কৰাৰ বাবে চৰকাৰৰ ওপৰত দাবী উত্থাপন কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তদুপৰি সংবাদ মাধ্যম আৰু সাংবাদিকৰ কাম কাজ নিৰীক্ষণ কৰাৰ বাবে মিডিয়া কাউন্সিল গঠন, সাংবাদিক সুৰক্ষা আইন প্ৰণয়ন কৰা, অসমৰ সাংবাদিকৰ কল্যাণ নিধিৰ কৰ্পাছ ফাণ্ড ১০০ কোটি টকালৈ বৃদ্ধি কৰা, সাংবাদিক পেন্সন ২০ হাজাৰ টকালৈ বৃদ্ধি কৰি প্ৰতি বছৰে ৩০ গৰাকী সাংবাদিকক পেন্সন দিবলৈ চৰকাৰলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাক স্মাৰকপত্ৰ প্ৰদান কৰাৰ বাবেও সৰ্ব্বসন্মতি সাপেক্ষে প্ৰস্তাৱ গৃহীত কৰা হয়। অহা ফেব্ৰুৱাৰী মাহৰ ২য় সপ্তাহত গুৱাহাটীত জা’ৰ চতুৰ্দশ ৰাজ্যিক সন্মিলন , উত্তৰ পূব সাংবাদিক সমাৰোহৰ লগতে এখন সাংবাদিকৰ কম’শালা অনুষ্ঠিত কৰিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰে