নাজিৰাৰ অধিবক্তা পংকজ মহন্তলৈ দুৰ্নীতি বিৰোধীৰ বিশেষ বঁটা৷

PR NEWS ASSAM ২৮ নৱেম্বৰ: দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ উদ্যোগত প্ৰতিবছৰে পালন কৰি অহা আন্তৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসত অহা ইং ৮ আৰু ৯ ডিচেম্বৰত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত দুৰ্নীতি বিৰোধীৰ বিশেষ বঁটা নাজিৰাৰ যুৱ অধিবক্তা পংকজ মহন্তক প্ৰদান কৰা হ’ব৷অসম সাহিত্য সভাৰ উপ সভাপতি শ্ৰীযুতা মৃণালিনী দেৱী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিধায়ক শ্ৰীযুত পৰমানন্দ ৰাজবংশী,ভাৰতীয় ক্ৰিকেট সন্থাৰ যুুটীয়া সম্পাদক তথা অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক শ্ৰীযুত দেৱজিৎ লন শইকীয়া,কমনৱেলথ গেমছৰ স্বৰ্ণ পদক জয়ী শ্ৰীযুতা নয়নমণি শইকীয়াকে ধৰি ভালেইকেইজন গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত উক্ত বটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব৷উল্লেখ যে পংকজ মহন্ত এজন সাংবাদিক হিচাবে নাজিৰা প্ৰেছ ক্লাৱ,জাৰ্নেলিষ্ট এছচিয়েচন অৱ আসামৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য,সদৌ অসম উকীল সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য,ওপৰ নাজিৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতিৰ লগতে নাজিৰা অঞ্চলৰ বহু অনুষ্ঠান -প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাবে জড়িত৷তেওঁৰ সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি এই বঁটাৰে সন্মানিত কৰা হ’ব ৷