নতুন দিল্লীৰ বিজ্ঞান ভৱনত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপন অনুষ্ঠান অসম বীৰে বিস্তাৰ কৰিলে প্ৰভাৱ ৷

PR NEWS ASSAM ২৫ নৱেম্বৰঃ নতুন দিল্লীত তিনিদিনীয়া কাৰ্যসূচীৰে পালন হৈ থকা লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ কাৰ্যসূচীৰ অংশৰূপে নতুন দিল্লীৰ বিজ্ঞান ভৱনত “অসমৰ শৌৰ্য, বীৰ্য আৰু পৰাক্ৰমৰ উপেক্ষিত ইতিহাস” বিষয়ক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্তই সঞ্চালনা কৰা এই আলোচনাচক্ৰখনত আলোচক হিচাপে অংশ লয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ৰাজীৱ সন্দিকৈ, মঙলদৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপিকা ডঃ সংগীতা গগৈ, বিশিষ্ট লেখক বিক্ৰম সম্পট, চলচ্চিত্ৰ নিৰ্মাতা আৰু সমালোচক ৰাজেশ কুমাৰ সিং আৰু চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা চন্দ্ৰপ্ৰকাশ দ্বিবেদীয়ে ।আলোচকসকলে প্ৰধানতঃ দিল্লীৰ পৰা আঁতৰত থকা অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ আন কেতবোৰ ঠাই ভাৰতৰ মূলধাৰাৰ ইতিহাসৰ পৰা সদায় উপেক্ষিত হৈ অহাৰ বিষয়ে বিতংভাবে আলোচনা কৰে।শেষৰ দিনা কাৰ্যসূচীত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে উল্লেখ কৰি কয় যে লাচিতে মোগলক যেনেদৰে পৰাস্ত কৰি অসমৰ লগতে সেইসময়ৰ উত্তৰ-পূৰ্বাঞ্চলক শত্ৰুৰ পৰা ৰক্ষা কৰিছিল আমিও সকলোৱে একত্ৰিত হৈ ভাৰতৰ বুৰঞ্জী,সভ্যতা-সংস্কৃতিক কুঠাৰঘাত কৰা শত্ৰুক ৰোধিব লাগিব৷এচামে ভাৰতীয় বুৰঞ্জীক বিকৃত কৰাৰ লগতে বিভিন্ন গৌৰৱময় ঘটনা লুপ্ত কৰিলে বুলিও উল্লেখ কৰে,সেইবোৰ আমি পুণৰ উদ্ধাৰ কৰিব লাগিব বুলিও উল্লেখ কৰে ৷