PR NEWS ASSAM ২৫ নৱেম্বৰ : বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে শিৱসাগৰ জিলাত শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত যোৱা ১৮ নৱেম্বৰ,২০২২ তাৰিখৰ পৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে । উক্ত কাৰ্যসূচীৰ অংশ হিচাপে আজি শিৱসাগৰ ব’ৰ্ডিং খেল পথাৰত লাচিত দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত শোভন গোৱলাই আদৰনি ভাষণৰে ব’ৰ্ডিং খেল পথাৰৰ লাচিত দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰে ইয়াৰ পিছতেই নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক পৱিত্ৰ বৰা, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক প্ৰবীণ শৰ্মা আৰু শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তই নিজ নিজ ভাষণ প্ৰসংগত লাচিত বৰফুকনৰ সাহস, পৰাক্ৰম আৰু সেই সময়ৰ অসমৰ প্ৰতিৰক্ষাত সেনানায়ক লাচিত বৰফুকনৰ অৱদানৰ বিষয়ে উল্লেষ কৰে,তাৰ পিছতেই নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত লাচিত দিৱসৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ উপস্থিত ৰাইজৰ সন্মূখত প্ৰদৰ্শন কৰা হয় । ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ ভাষণত মহাবীৰ লাচিতৰ সাহস আৰু পৰাক্ৰমৰ কথা উল্লেখ কৰে ।সভাত শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্চিনী দলে, অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম, বিতোপন নেওগ, ড০ মন্দিৰা বৰুৱা, চন্দনা বৰুৱা আৰু শিৱসাগৰ জিলাৰ কেইবাগৰাকীও বুৰঞ্জীবিদ উপস্থিত আছিল ,সভাৰ শেষত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে শিৱসাগৰ জিলাত আয়োজন কৰা বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা আৰু বঁটা প্ৰদান কৰা হয় ।

