বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত বীৰ লাচিত বৰফুকন’ শীৰ্ষক আলোচনা চক্ৰ।

PR NEWS ASSAM :- মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষ্যে শিৱসাগৰ জিলাৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় ‘সমসাময়িক পটভূমিত বীৰ লাচিত বৰফুকন’ শীৰ্ষক এক আলোচনা চক্ৰ।

উক্ত আলোচনা চক্ৰৰ সঞ্চালনা কৰে শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে।

ইয়াৰ আগেয়ে শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ মহোদয়ে মুখ্য অতিথি হিচাপে এই উদ্দেশ্য আয়োজিত সভাত অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখে। মহাবিদ্যালয়ৰ অধ্যক্ষা দীপালী নেওগে সভাৰ আদৰণি ভাষণ আগবঢ়ায়।

আলোচনা চক্ৰত ড° দয়ানন্দ বৰগোহাঁ‌ই; ড° পূণ্যধৰ গগৈ; তুফেল জিলানী; প্ৰবীণ শৰ্মা আৰু ড° লিপি ফুকনসহ বিশিষ্ট ব্যক্তি সকলে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।