PR NEWS ASSAM:- অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, পৰ্য্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী, পৰ্য্যটন বিষয়া সকলৰ সৈতে এক পৰ্য্যালোচনা সভা অনুষ্ঠিত হয় ।
অসম চৰকাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন আৰু থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই উপস্থিত থকা এই পৰ্যোলোচনা সভাত বিশেষকৈ শিৱসাগৰ জিলাত চলি থকা জলজীৱন আঁচনিৰ কামৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াৰ পৰা খতিয়ান লয় ।আগন্তুক দিনত আত্মসহায়ক গোট সমূহৰ দ্বাৰা জলজীৱন আঁচনিৰ প্ৰকল্প সমূহৰ ক্ষেত্ৰ পৰ্যায়ৰ পৰীক্ষণ কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । তাৰোপৰি আঁচনি সমূহ সময়মতে সম্পন্ন কৰা আৰু আঁচনি সংক্ৰান্তত সকলো শুদ্ধ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । শিৱসাগৰ জিলাত ইতিমধ্যে ৰূপায়ন হৈ থকা পৰ্যটন বিভাগৰ বিভিন্ন প্ৰকল্পসমূহ চলিত মাহতে সম্পূৰ্ণ কৰিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে মত পোষণ কৰে৷পৰ্যালোচনা সভাত অসমৰ চৰকাৰৰ আৱকাৰী আয়ুক্ত ৰাকেশ আগৰৱালা, শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ, অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ আৰু কৰ্মদেৱ ব্ৰহ্মৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি ময়ুৰ বৰগোঁহাই আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।
শিৱসাগৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটন সম্পৰ্কে সভা ৷
