ওপৰ নাজিৰা উচ্চ মাধ্যমিক বিদ্যালয়ত সুধাকণ্ঠ ভাৰত ৰত্ন তথা বিশ্ব বৰেণ্য শিল্পী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে স্মৰণ কৰি বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ দ্বাৰা তেখেতৰ সংগীতৰ লগতে বাৰৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়৷উক্ত অনুষ্ঠানতেই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেখা কোৱঁৰক অসম জ্ঞানৰত্ন বটা আৰু ড° এ পি জে আব্দুল কালাম অগ্নি বটা লাভ কৰাত শিক্ষক গোট আৰু স্থানীী অনুষ্ঠান- প্ৰতিষ্ঠানৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷সভাত সভাপতিত্ব কৰে স্থানীয় শিক্ষাবিদ তিলেশ্বৰ বৰুৱাই উপস্থিত থাকে সাংস্কৃতিক কৰ্মী বিমান কোঁৱৰ,নাজিৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী নিপা বৰুৱা,অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰেণু কলিতা ৷ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি পংকজ মহন্তই আৰম্ভণি ভাষণত বিদ্যালয়ৰ সৰ্বাঙ্গীণ উন্নতিৰ বাবে সকলোৰে সহযোগিতা আৰু প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়৷সভাত পৰিচালনা সমিতিৰ উপ সভাপতি ৰুপম কোঁৱৰো উপস্থিত থাকি বক্তব্য ৰাখে৷সভাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী অভিভাৱকসকলো উপস্থিত থাকে৷
নাজিৰাত সুধাকণ্ঠ ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাক স্মৰণ৷
