PR NEWS ASSAMঃ নাজিৰাৰ ঐতিহাসিক বিধস্ত নগা আলি নিৰ্মাণৰ দাবীত ৰাজপথত ৰাইজৰ প্ৰতিবাদ সাব্যস্ত কৰে৷লগতে স্থানীয় লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়টো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বামুণ পুখুৰী , সোন্দৰ পুখুৰী ,বাউলী মৈদাম , শেনৰ আলি , চানবছা , শ্ৰী শ্ৰী বুদবাৰী সত্ৰ , সন্দিকৈ গাওঁ আদিকে ধৰি গ্ৰাম্য এলেকাৰ জনসাধাৰণৰ যাতায়তৰ মূল পথ ঐতিহাসিক নগা আলি সম্প্ৰতি পুখুৰী সদৃশ গাঁতেৰে পৰিপূৰ্ণ হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধাৰণ । উক্ত প্ৰতিবাদত প্ৰতিবাদকাৰীসকলে কাৰ্টুন চিত্ৰ অংকন কৰি হাতে হাতে প্লে কাৰ্ড , বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল । পিছত গণ স্বাক্ষৰিত এখনি স্মাৰক পত্ৰ নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি বিভাগীয় কৰ্তৃপক্ষ আৰু আৰু অসম চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷যদি শীঘ্ৰে পথছোৱা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সু ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনিৰ্দিষ্ট কাললৈ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে৷উল্লেখ্য যে সমষ্টিটোত বিৰোধী দলৰ বিধায়ক থকাৰ বাবে উন্নয়নত হেঙাৰ হৈছে বুলিও বিভিন্নজনে মত প্ৰকাশ কৰে৷কিন্তু চৰকাৰী বিভাগ আৰু স্থানীয় শাসকীয় দলৰ প্ৰতিনিধিয়েও পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত সবল ভুমিকা লোৱাত ব্যৰ্থ হৈছে বুলি অভিযোগ উঠিছে৷
নাজিৰাৰ ঐতিহাসিক নগা আলি নিৰ্মাণৰ দাবীত প্ৰতিবাদ ঃ মহকুমাধিপতিক স্মাৰকপত্ৰ ৷
