ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আয়ুষি জৈনৰ নাজিৰাৰ মহকুমাধিপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ ৷

PR NEWS ASSAM: ২০২০ চনৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আয়ুষি জৈনে আজি নাজিৰা মহকুমাৰ মহকুমাধিপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে তেওঁ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহকাৰী সচিব আৰু যোৰহাট জিলাৰ সহকাৰী আয়ুক্ত  হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । নৱনিযুক্ত মহকুমাধিপতিক এখনি ফুলাম গামোচাৰে  আদৰণি জনোৱা হয় । আনহাতে বিদায়ী মহকুমাধিপতিক ফুলাম গামোচা, শৰাই আৰু উপহাৰেৰে বিদায় সম্ভাষণ জনোৱা হয় । নাজিৰা ৰাজহ চক্ৰ বিষয়া ভানলাল লিমপুই নাম্পুইয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ লৈ বিদায়ী মহকুমাধিপতিয়ে কয় যে নাজিৰা মহকুমাখনৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আৰু ইয়াৰ ৰাইজৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা তেওঁৰ সদায় থাকিব । তেওঁ যি বিভাগত থাকিলেও নাজিৰাৰ বাবে ভৱিষ্যতে নিজৰ সাধ্যানুসাৰে কাম কৰিব বুলি সব্যসাচী কাশ্যপে মন্তব্য কৰে । তেওঁ নাজিৰা মহকুমাধিপতি হিচাপে প্ৰায় ১৭ মহীয়া কাৰ্যকাল সম্পন্ন কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা বিষয়া-কৰ্মচাৰী আৰু ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।নাজিৰা উকীল সন্থা, সাংবাদিক মহলৰ হৈ গামোচা, চেলেং চাদৰ আৰু সঁফুৰাৰে বিদায়ী মহকুমাধিপতিক সম্বৰ্দ্ধনা জনোৱাৰ লগতে নৱ নিযুক্ত মহকুমাধিপতি আয়ুষি জৈনক আদৰণি জনায় । ৰাইজৰ উন্নয়ন তথা ইতিবাচক সকলো দিশতে সাংবাদিক সকলৰপৰা পূৰ্ণ সমৰ্থন নতুন মহকুমাধিপতিলৈ আগবঢ়াব বুলি প্ৰকাশ কৰে নাজিৰা জিলা সাংবাদিক সংস্থাৰ উপ-সভাপতি ভাস্কৰজ্যোতি বৰগোহাঞিয়ে ।আনহাতে নৱনিযুক্ত মহকুমাধিপতি আয়ুষি জৈনে কয় যে সকলোৰে সহায় সহযোগিতাতহে নাজিৰা মহকুমাখনৰ সমস্যাৰাজীৰ সমাধানৰসূত্ৰ উলিওৱাৰ লগতে উন্নয়নমূলক কাম-কাজসমূহৰ সফল ৰূপায়ন সম্ভৱ হ’ব । তেওঁ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী আৰু নাজিৰাবাসী ৰাইজৰ সহযোগিতা কামনা কৰে । সভাত নাজিৰা ৰাজহ চক্ৰ বিষয়া ভানলাল লিম্পুইয়া নাম্পুই, সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱাল, প্ৰীতম গগৈ, নাজিৰা নিৰ্বাচনী বিষয়া অংশুলেখা দত্ত পাঠকে প্ৰমুখ্যে কৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল, আৰু মহকুমা প্ৰশাসনৰ সমূহ কৰ্মচাৰীসকল উপস্থিত থাকে৷