PR NEWS ASSAM নিউজ ডেস্ক*
নাজিৰা মহকুমাৰ ন-মাটি ফুলপানী দিহিঙ্গীয়া পুখুৰীৰ পাৰত নাজিৰা মহকুমা কৃষি বিভাগৰ উদ্যোগত কাতি বিহু উদযাপন কৰা হয় ৷এই কাৰ্যসূচীত নাজিৰাৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া ,নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ আৰু ৰাজহ চক্ৰ বিষয়া ভানলাল লিম্পুৰীয়া নামপুই উপস্থিত থাকে ৷এই কাৰ্যসূচীত নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই তুলসী পশলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ৷সন্ধিয়ালৈ ঐতিহাসিক জয়-খাম -ডাং পথাৰত এশ গছ বন্তি প্ৰজ্বলনৰে কাতি বিহুৰ পৰম্পৰা ধৰি ৰাখিবলৈ প্ৰচেষ্টা কৰাৰ কথা মহকুমা কৃষি বিভাগে জানিবলৈ দিছে ৷

