PR NEWS ASSAM টিহুঃ টিহুত আজি পথ নিৰ্মাণত সংঘটিত হয় এক অঘটন । কৰ্মৰত অবস্থাত শ্ৰমিকৰ ওপৰেৰে চলিল ৰোলাৰ । থিতাতে নিহত হয় এগৰাকী মহিলা শ্ৰমিক । নিহত মহিলা শ্ৰমিক জনৰ নাম ফুল খাতুন (৫৫)৷ খাতুনৰ ঘৰ বৰপেটা জিলাৰ কয়াকুছিত৷ উল্লেখ্য যে টিহুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাথকুছিৰ পৰা জলখানালৈ ৮ কিল’ মিটাৰ পথ ১০কোটি টকীয়া চিগনেচাৰ আঁচনিৰ জৰিয়তে নিৰ্মাণৰ কাম চলি আছিল । আজি টিহু নগৰত নিৰ্মাণৰ কাম চলি থকাৰ সময়তে সংঘটিত হয় এই অঘটনটো । পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
# টিহুত পথ নিৰ্মাণত অঘটন # শ্ৰমিক নিহত #
