PR NEWS ASSAM গোসাইগাওঁঃ বি টি আৰত বলিছে নিৰ্বাচনৰ গৰম বতাহ৷ বি টি আৰত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে,সিমানেই ইয়াত বৃদ্ধি পাইছে ব্যাপক নিৰ্বাচনী তৎপৰতা৷ ইয়াৰ সমান্তৰালকৈ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ডিংডিঙাত অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী জনসভা৷
গোসাইগাঁও মহকুমাৰ ডিংডিঙাৰ মৰণৈ চাহ বাগিছা ফুটবল খেলপথাৰত অনুষ্ঠিত বিজেপিৰ আজিৰ এই নিৰ্বাচনী সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, শিক্ষা, স্বাস্থ্য, বিও তথা নেডাৰ আহ্বায়ক মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,ন-বিজেপি বিশ্বজিত দৈমাৰী ৷৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী সঞ্জীৱ দত্তৰ হৈ এই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে৷
গোসাইগাঁওৰ ডিংডিঙাত বিজেপিৰ বিশাল নিৰ্বাচনী জনসভা ৷
