PR NEWS ASSAM নিউজডেস্কঃ
অৱশেষত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিলে শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিন্দেই ৷ এগৰাকী অ’টোচালকৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ পদ শুৱনি কৰা পৰ্যন্তলৈ তেওঁৰ ৰাজনৈতিক ক্ষেত্ৰখনত আজি প্ৰভাৱশালী নেতা৷ ৫৪ গৰাকী বিধায়কক লগত লৈ প্ৰায় ১০ দিন গুৱাহাটীত বাহৰ পাতি থকা বিসম্বাদী নেতা একনাথ সিন্দে কালি গুৱাহাটীৰ পৰা গোৱালৈ ৰাওনা হোৱাৰ পিছত আজি পুৱা মুম্বাইত উপস্থিত হয়৷ মুম্বাইত উপস্থিত হৈয়ে তেওঁ সমৰ্থকসকলক সম্বোধন কৰা পৰিলক্ষিত হয়৷ তাৰ পিছত বিজেপিৰ সৈতে বৈঠকত বহি তেওঁ সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰী পদৰ বাবে নিৰ্বাচিত হ ২০০৪ চনত তেওঁ প্ৰথমবাৰ বিধায়কৰূপে নিৰ্বাচিত হৈছিল আৰু ২০০৯, ২০১৪ আৰু ২০১৯ত একেৰাহে বিধায়কৰূপে নিৰ্বাচিত হয়৷ একাদশ শ্ৰেণীলৈ শিক্ষা অৰ্জন কৰা একনাথ সিন্দেই শিক্ষা ত্যাগ কৰি অ’টোচালকৰূপে কৰ্মজীৱন আৰম্ভ কৰে৷ তেনে সময়ছোৱাতেই তেওঁ শিৱসেনাৰ নেতা আনন্দ দীঘেৰ সৈতে পৰিচিত হয়৷ তাৰ পিছত ১৮ বছৰ বয়সৰ পৰাই তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়৷ তেওঁ প্ৰথমে শিৱসেনাৰ এগৰাকী কৰ্মীৰূপে দলটোৰ হৈ কাম কৰিবলৈ আৰম্ভ কৰে৷ প্ৰায় ডেৰ দশক ধৰি শিৱসেনাৰ কৰ্মীৰূপে তেওঁ কাম কৰে৷ পিছত ১৯৯৭ চনত তেওঁ নিৰ্বাচনী ৰাজনীতিত খোজ পেলায়৷ ১৯৯৭ চনত থানে নগৰ নিগম নিৰ্বাচনত তেওঁ পাৰিষদৰূপে নিৰ্বাচিত হয়৷ তেওঁ প্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈয়ে সফলতা লাভ কৰে৷ ২০০৪ চনত তেওঁ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হয়৷ থানে বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ নিৰ্বাচিত হয়৷ তেওঁ কংগ্ৰেছৰ মনোজ সিন্দেক ৩৭ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিধায়কৰূপে নিৰ্বাচিত হয়৷ ইয়াৰ পিছত তেওঁ একেৰাহে বিধানসভা নিৰ্বাচনত জয়লাভ কৰে৷ দেৱেন্দ্ৰ ফাড়নৱিছ চৰকাৰৰ সময়ছোৱাত লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী আছিল৷ ২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত সিন্দে মুখ্যমন্ত্ৰী পদৰ দৌৰৰ শীৰ্ষত আছিল৷ নিৰ্বাচনৰ পিছত বিধায়িনী দলৰ বৈঠকত আদিত্য থাক্ৰে মুখ্যমন্ত্ৰীৰ পদৰ বাবে সিন্দেৰ নাম প্ৰস্তাৱ কৰে৷ তেওঁক শিৱসেনা বিধায়িনী দলৰ নেতাৰূপেও নিৰ্বাচিত হয়৷ তেওঁৰ থানে সমষ্টিত মুখ্যমন্ত্ৰী একনাথ সিন্দে বুলি পোষ্টাৰো আঁৰিছিল৷ কিন্তু কংগ্ৰেছ আৰু এন চি পিৰ হেঁচাত একনাথ সিন্দেৰ নাম মুখ্যমন্ত্ৰীৰ পদৰ পৰা তল পৰে আৰু উদ্ধৱ থাক্ৰে শীৰ্ষত থাকে৷ অৱশেষত তেওঁ ৫০গৰাকী বিধায়কক লগত লৈ বিসম্বাদ আৰম্ভ কৰে আৰু উদ্ধৱ থাক্ৰেৰ চৰকাৰ পতন ঘটনাই তেওঁক ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে৷বিজেপি দলে তেওঁক পূৰ্ণ সমৰ্থন দিয়াত শাসনৰ বাঘজৰী দখল কৰিবলৈ সক্ষম হয়৷

