সংকটত উদ্ধৱ থাকৰেৰ চৰকাৰ : মহাৰাষ্ট্ৰত ৰাজনৈতিক সংকট ৫৪ বিদ্ৰোহী বিধায়ক অসমত ৷

PR NEWS ASSAM নিউজ ডেস্কঃ

মহাৰাষ্ট্ৰৰ মিত্ৰজোঁট চৰকাৰ চৰম সংকটত ভুগিছে৷ যিকোনো মুহূৰ্তত মহাৰাষ্ট্ৰ চৰকাৰ ভংগ হোৱাৰ সম্ভাৱনা আছে৷ যিহেতু মহাৰাষ্ট্ৰৰ ৫৪ গৰাকী বিধায়ক এতিয়া বাহৰ পাতিছে গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত৷ মহাৰাষ্ট্ৰৰ শিৱসেনাৰ শীৰ্ষ নেতা তথা নগৰ উন্নয়ন মন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত উক্ত শিৱসেনা আৰু এনচিপি বিধায়কক লগত লৈ বাহৰ পাতি আছে৷ গুজৰাট আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বিধায়কসকল আবদ্ধ হৈ আছে৷ মহাৰাষ্ট্ৰত চৰকাৰ গঠন হোৱাৰ সময়ছোৱাত কংগ্ৰেছৰ সৈতে মিত্ৰতা গঢ়া কাৰ্যটোৰ পূৰ্ণ বিৰোধিতা কৰিছিল৷ কিন্তু উদ্ধৱ থাকৰেয়ে মুখ্যমন্ত্ৰী হোৱাৰ লালসাতে কংগ্ৰেছৰ সৈতে শিৱসেনাই মিত্ৰতা গঢ়িছিল বুলি একাংশই অভিযোগ কৰে৷ শিৱসেনা, কংগ্ৰেছ আৰু এনচিপিৰ মহা মিত্ৰজোঁট চৰকাৰ গঠন হোৱাৰ পিছত শিৱসেনাৰ সঞ্জয় ৰাৱাট, অনিল দেশাই আৰু আদিত্য থাকৰেৰ ক্ষমতা বৃদ্ধি পাইছিল যদিও একনাথ সিন্দে অকলশৰীয়া হৈ ৰ’বলগীয়া হয়৷ এতিয়া বিধায়কসকলক লগত লৈ বিদ্ৰোহ কৰাৰ ফলত মহাৰাষ্ট্ৰ চৰকাৰলৈ অশনি সংকেত নামি আহিছে৷ মহাৰাষ্ট্ৰত ২৮৮খন বিধানসভা আসনৰ বাবে ২০১৯ত নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ এই নিৰ্বাচনত বিজেপিয়ে ১০৬গৰাকী বিধায়কৰ সৈতে বৃহৎ দলৰূপে পৰিগণিত হৈছিল৷ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ সৈতে শিৱসেনা আৰু বিজেপি মিত্ৰজোঁটৰ মাজত সংঘাত আৰম্ভ হোৱাৰ পিছত উদ্ধৱ থাকৰেয়ে এনচিপি আৰু কংগ্ৰেছৰ দিশে ঢাল খাইছিল৷ ৫৬গৰাকী বিধায়কৰ শিৱসেনাই ৪৪গৰাকী বিধায়কৰ কংগ্ৰেছ আৰু ৫৩গৰাকী বিধায়কৰ এনচিপিৰ সৈতে মহামিত্ৰজোঁট গঢ়ি চৰকাৰ গঠন কৰে৷ মহাৰাষ্ট্ৰত সৰ্বশক্তি দলৰূপে বিজেপি পৰিগণিত হয় যদিও তেওঁলোকে চৰকাৰ গঠনৰ পৰা বিৰত থাকে৷ মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হয় ১৪৪ গৰাকী বিধায়কৰ সমৰ্থন৷ সেই অনুসৰি মহাৰাষ্ট্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰাটো সহজ নহয়৷ যিহেতু তেওঁলোকৰ মুঠ বিধায়কৰ সংখ্যা হৈছে ১০৬ গৰাকী৷ সেইনুসৰি এতিয়া মহাৰাষ্ট্ৰত থাকৰেৰ চৰকাৰ ৰাজনৈতিক সংকটৰ সন্মুখীন হৈছে৷ ইফালে উদ্ধৱ থাকৰেই মূখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে৷