*নাজিৰা মহকুমাত কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন*

PR NEWS ASSAM নাজিৰা, ২০ জুন: আজি নাজিৰা মহকুমা প্ৰশাসন আৰু শিৱসাগৰ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত তথা নাজিৰা মহাবিদ্যালয়ৰ সহযোগত নাজিৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিষ্ণু প্ৰসাদ ৰাভা দিৱসটি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। কলাগুৰু বিষ্ণু ৰাভাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন তথা পুষ্পাঞ্জলি অৰ্পন কৰে নাজিৰা মহকুমাৰ সহকাৰী আয়ুক্ত প্ৰীতম গগৈয়ে। লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলা ভিত্তিত, বিষ্ণু ৰাভাৰ জীৱন, আদৰ্শ তথা তেখতৰ ৰচনাৱলীৰ ওপৰত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতা খন উদ্বোধন কৰে নাজিৰা পৌৰসভাৰ উপপৌৰপতি নাচিমুদ্দিন  আহমেদে।মুঠ ২৬ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কুইজ প্ৰতিযোগিতাৰ চুড়ান্ত পৰ্য্যায়লৈ উত্তীৰ্ণ হোৱা ৬টা দলৰ সপ্তম তথা অন্তিম গোলাৰ্দ্ধৰ অন্তত প্ৰথম পুৰস্কাৰ লাভ কৰে সুৰৰ দেউল দলৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  প্ৰতিযোগী জ্ঞানম বিকাশ চেতিয়া আৰু সুৰক্ষিতা চেতিয়াই,দ্বিতীয় পুৰস্কাৰ লাভ কৰে চিফুং দলৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিযোগী ত্ৰিবেণী ভৰালী আৰু মায়াশ্ৰী নেওগে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে সোণপাহি দলৰ দিচাং ৰজাবাৰী হাইস্কুলৰ প্ৰতিযোগী হেমাংগিনী পৰ্জা আৰু  প্ৰতিভা কুৰ্মিয়ে।  তদুপৰি, চতুৰ্থ স্থান দখল কৰে দিচাং ৰজাবাৰী হাইস্কুলে,পঞ্চম স্থান যুটীয়াভাবে দখল কৰে স্বৰাজ একাডেমী আৰু দেওৰজা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে।কুইজ প্ৰতিযোগিতাৰ বিচাৰকৰ আসনত উপবিষ্ট আছিল দিব্য শৰ্মা , দেৱজিৎ শৰ্মা, দেৱযানি বকলিয়াল আৰু দীপাংকৰ শৰ্মা।পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত কৰা মুকলি সভাৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে নাজিৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজু ফুকনে। তাৰ পিছতেই সমৱেত সংগীত পৰিৱেশন কৰে নাজিৰাৰ গীতপ্ৰিয়া দলে। নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ জিতু দিহিঙ্গীয়া আৰু ছাত্ৰী আধুনিকা চুতীয়াই সংগীত পৰিৱেশন কৰাৰ পৰিৱৰ্তে স্বৰাজ একাডেমীৰ ছাত্ৰী ৰাখী বৰুৱাই কবিতা আবৃত্তি কৰি সকলোকে মুগ্ধ কৰে। লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীতত নৃত্য পৰিৱেশন কৰে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী কুঁকি কোঁৱৰে। উল্লেখ্য যে, নাজিৰা মহাবিদ্যালয়ৰ  প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষা ৰঞ্জু বুঢ়াগোহাঁইৰ “স্পন্দন” শীৰ্ষক এখন কাব্যপুথি উন্মোচন কৰে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে।
“এই কাব্যগ্ৰন্থখন উন্মোচন কৰিবলৈ পাই মই গৌৰৱান্বিত। সুন্দৰ নামেৰে প্ৰকাশ কৰা এই গ্ৰন্থখন ৰঞ্জু বুঢ়াগোহাঁই ডাঙৰীয়ানীৰ সৃষ্টিশীল চেতনাৰ পৰিচায়ক হৈছে।” সভাত বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা চাহ খেতিয়ক নৱজ্যোতি ভূঞা আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকৰ ড° সৌমাৰজ্যোতি মহন্তই নিজৰ বক্তব্য আগবঢ়ায়। বিষ্ণু ৰাভাৰ এটি কবিতা আবৃত্তিৰে আৰম্ভ কৰা নিজৰ বক্তব্যত ড°সৌমাৰজ্যোতি মহন্তই কয় যে, “অসমীয়া জাতিটোক কলাগুৰুয়ে নিজৰ সৃষ্টিৰে শক্তিশালী কৰি তোলাৰ বাবেই আমাৰ সমাজখন অনন্ত কাললৈ প্ৰবাহিত হৈ থাকিব। আমি তেখেতক আন্তৰিকতাৰে উপলব্ধি কৰিব লাগিব।অনুষ্ঠানতে শিৱসাগৰ জিলাৰ গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি ব্ৰজেন ফুকনে গ্ৰাম্য পুথিভঁৰাল সন্দৰ্ভত নিজৰ বক্তব্য প্ৰদান কৰে। শলাগৰ শৰাই আগবঢ়াই গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সম্পাদক মহেন্দ্ৰ নাথে। উক্ত সভাত নাজিৰা মহকুমাৰ সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, মহকুমা তথ্য ও জনসংযোগ বিষয়া ড°বৰ্ণালী দত্ত, কোষাগাৰ বিষয়া মহচিনা নাচৰিন,শিৱসাগৰ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উপ সভপতি হিমাদ্ৰি জ্যোতি দত্তকে প্ৰমুখ্য কৰি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকল, শিক্ষক-শিক্ষয়িত্ৰী সকল,নাজিৰা মহবিদ্যালয়ৰ অধ্যাপক সকলৰ লগতে  নাজিৰাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদকৰ্মীসকল উপস্থিত থাকে।