PR NEWS ASSAM নাজিৰাঃ
একেৰাহে এক সপ্তাহ পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হৈ শতকৰ দিশে আগবাঢ়িছে৷ জনসাধাৰণৰ মূৰত ৰামটাঙোন মাৰি ইয়াৰ লগতে দৈনিক সকলো নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে৷ বৰ্তমান গুৱাহাটীত পেট্ৰলৰ মূল্য ৯৮.৬৭ টকা আৰু ডিজেলৰ মূল্য ৮৪.৭৯ টকা ৷চৰকাৰে সততে পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস কৰা হ’ব বুলি কোৱাৰ লগতে জি এছ টি ৰ অধীনত অনা হ’ব বুলি দিয়া বিষয়বোৰ ক্ৰমাৎ ওলোটা দিশলৈহে ঢাল খাইছে৷

