PR NEWS ASSAM নিউজ ডেস্কঃ
ৰাজ্যৰ মাজুলী উপ নিৰ্বাচনত বিজয় হাঁহি মাৰিলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ভূৱন গামে। ৪১,৭০০ ভোটৰ ব্যৱধানত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক পৰাস্ত কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে। । ভূৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ বহু ৰথী-মহাৰথী। সেইদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও চিত্তৰঞ্জন বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল যদিও নিৰ্বাচনী ৰণত মুখ ঠেকচা খাই বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত পৰাস্ত হয়৷

