PR NEWS ASSAM
দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ অহা শুকুৰবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে অসমসহ উত্তৰ- পূৰ্বাঞ্চলত আহি উপস্থিত হ’ব৷ অসমসহ চুবুৰীয়া ৰাজ্য মিজোৰামত কেইবাটাও কাৰ্যসূচীৰে আহিবলগা দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ এই ভ্ৰমণসূচীক লৈ ৰাজ্য চৰকাৰ ব্যস্ত হৈ পৰিছে৷ বিশেষকৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ এই ভ্ৰমণৰ সময়ত কোনোধৰণৰ নিৰাপত্তাজনিত পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ লগতে বাট-পথ আদিও সুন্দৰভাৱে সজাই তোলা হৈছে৷ উল্লেখ্য যে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৰিজ’ৰ্টত নিশা কটাবলগা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ শুকুৰবাৰে পুৱা ১১ বজাত বিশেষ বিমানযোগে বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহি উপস্থিত হ’ব৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে নীলাচল পাহাৰত থকা জাগ্ৰত শক্তিপীঠ কামাখ্যা দেৱালয়লৈ যাব৷ কামাখ্যা দেৱালয়ত প্ৰায় এঘণ্টা সময় পূজা-অৰ্চনা দি তাৰ পৰা ৰাষ্ট্ৰপতিগৰাকী কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত গৈ জিৰণি লোৱাৰ উপৰি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব৷ ইয়াৰ পিছত বিয়লিৰ ভাগত অৰ্থাৎ সন্ধিয়া লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে আয়োজন কৰা বছৰজোৰা জন্মজয়ন্তী কাৰ্যসূচীৰ শুভাৰম্ভণী অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা বীৰ লাচিত বৰফুকনৰ বছৰজোৰা জন্মজয়ন্তী কাৰ্যসূচীৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিব ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ অসম চৰকাৰৰ প্ৰায় সকলো মন্ত্ৰী উপস্থিত থাকিবলগা এই অনুষ্ঠানতেই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে যোৰহাটৰ সমীপত থকা লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰৰ আধুনিকীকৰণৰ লগতে কামৰূপৰ দদৰাস্থিত আলাবৈৰ ৰণৰ স্মৃতি বিজড়িত স্থানত নিৰ্মাণ কৰিবলগা যুদ্ধ স্মাৰক নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব৷ শনিবাৰে তেজপুৰলৈ গৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব৷ সিদিনাই ৰাষ্ট্ৰপতিগৰাকী বোকাখাতলৈ গৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী কৰাৰ উপৰি নিশা কটাব৷ দেওবাৰে হাতী ছাফাৰীকে ধৰি ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিবলগা বিভিন্ন প্ৰকল্প পৰিদৰ্শন কৰিব৷ দেওবাৰেই বিয়লি তেজপুৰলৈ গৈ তেজপুৰৰ পৰা বিশেষ বিমানেৰে মিজোৰামলৈ উৰা মাৰিব৷ সোমবাৰে বিয়লি মিজোৰামৰ পৰা দিল্লীলৈ উভতি যাব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ৷ উল্লেখ্য যে তিনিদিনীয়া ভ্ৰমণসূচী লৈ অসম ভ্ৰমণ কৰিবলগীয়া ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক লৈ কাজিৰঙাত ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে৷ এই সন্দৰ্ভত বুধবাৰে ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ কৃষিমন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত , ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি ৰাজ্য চৰকাৰৰ বহুকেইজন উচ্ছপদস্থ প্ৰশাসনিক বিষয়াই এক আলোচনাত মিলিত হয়৷ এই আলোচনাত নিৰাপত্তাৰ লগতে আনুষংগিক দিশসমূহৰ বুজ লয় দলটোৱে৷ অহা ২৫১ পৰা ২৮ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া অসম ভ্ৰমণকালত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাচিত বৰফুকনৰ ৪০০সংখ্যক বাৰ্ষিকী উপলক্ষে এক বছৰজোৰা উদ্যাপন কাৰ্যসূচী উদ্বোধন কৰিব ৰাষ্ট্ৰপতি কোবিন্দে৷

