PR NEWS ASSAM : নাজিৰাৰ অ’ এন জি চি কলনীৰ ধৃতিষ্মান চক্ৰৱৰ্ত্তীয়ে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ ২০২২ বঁটা লাভ কৰে। আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত ধৃতিস্মান চক্ৰৱৰ্তীৰ পিতৃ মাতৃৰ লগতে শিৱসাগৰৰ উপায়ুক্ত মেঘ নিধি দাহাল মহোদয়ৰ উপস্থিতি ভাৰচুৱেল মাধ্যমত ব্লকচেইন পদ্ধতিৰে তেওঁক এই বঁটা মাননীয় প্ৰধান মন্ত্ৰীয়ে প্ৰদান কৰে। দেৱজিৎ চক্ৰৱৰ্তী আৰু সুনম চক্ৰৱৰ্তীৰ সু-পুত্ৰ ধৃতিষ্মান চক্ৰৱৰ্ত্তীয়ে মাত্ৰ ৩ বছৰ বয়সতে “Youngest Multilingual Singer”ৰ খিতাপ অৰ্জন কৰে। বৰ্তমান তেওঁ আঁঠটা ভাষা ক্ৰমে অসমীয়া ;হিন্দী ;ইংৰাজী ;বেঙ্গলী ;মাৰাঠী ;কানাড়া ;সংস্কৃত ;আৰু সিনহালিত গীত পৰিৱেশন কৰি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। মাত্ৰ ৫ বছৰ বয়সতে ৭-৮টা ভাষাৰ প্ৰায় ৭০টা মান গীত বাণীবদ্ধ কৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱে তেওঁৰ গীত টুইট কৰে। কনমাণি ধৃতিস্মান চক্ৰৱৰ্তী চচিয়েল মিডিয়াটো বহু জনপ্ৰিয়৷ ফেচবুকৰ প্ৰফাইলত তেখেতৰ আছে ১৩০০০কৈ অধিক ফলৱাৰ, ইউটিউবতো আছে চাৰিহাজাৰকৈ অধিক সাবস্ক্ৰাইবাৰ৷ বলিউড জগতৰ প্ৰসিদ্ধ শিল্পী ক্ৰমে চান, টনী কক্কৰ, সুনিধি চৌহান, শান্তনু মইত্ৰ, জীত গাংগুলী আদিকে ধৰি কেইবাগৰাকী জনপ্ৰিয় শিল্পী ধৃতিস্মানৰ গীত শুনি আপ্লুত হৈছিল৷উল্লেখযোগ্য যে, ৰবীন্দ্ৰ তীৰ্থ কলিকতাত অনুষ্ঠিত কৰা এটা লাইভ অনুষ্ঠানত তেওঁ “performer and champ of the day” খিতাপ অৰ্জন কৰে। তদুপৰি তেওঁক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক সৌৰভ গাঙ্গুলিৰ সৈতেও অনুষ্ঠান পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল ।
নাজিৰাৰ ধৃতিষ্মান চক্ৰৱৰ্ত্তীলৈ প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ প্ৰদান৷
