নাজিৰাত দু্ৰ্ঘটনামুক্ত সমাজ গঢ়াৰ সংকল্প৷

PR NEWS ASSAM নাজিৰাঃ  নাজিৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু নাজিৰা মহকুমা প‌্ৰশাসনৰ সহযোগত মহাবিদ্যালয় প্ৰাংগণত “ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ “ৰ আৰম্ভণি কৰা হয়।১১ জানুৱাৰী  ৰ পৰা ১৭ জানুৱাৰী লৈকে অনুষ্ঠিত হবলগীয়া এই বিশেষ সপ্তাহৰ সভা সঞ্চালনা কৰে অধ্যাপিকা সৰোজিনী দত্তই। ড৹ মিনাক্ষী হাজৰিকাই আত ধৰা অনুষ্ঠানত উদ্ধোধনী ভাষণত উপাধ্যক্ষ যুগল ভড়ালীয়ে আজি আমাৰ দেশ সমগ্র পৃথিৱীৰ দু্ৰ্ঘটনা যুক্ত দেশৰ শীৰ্ষ স্থানত থকাত দুখ প্ৰকাশ কৰি , সেয়া কেনেকৈ নিৰ্মূল কৰিব পাৰি তাৰ কিছু আভাস দিয়ে। নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা শিৱসাগৰ জিলাৰ পৰিৱহণ বিষয়া সিদ্ধাৰ্থ কৃষ্ণ শইকীয়াই গাড়ী চলাওতে অন্ততঃ সুৰাপান বৰ্জন, হেলমেট পৰিধান , চিটৃবেল্ট  পৰিধান, ম’বাইল ফোন বৰ্জন,দ্ৰুত বেগ পৰিহাৰ আদিৰ সম্বন্ধে বিতংকৈ আলোচনা কৰে। নাজিৰাৰ সহকাৰী আয়ুক্ত প্ৰীতম গগৈ য়ে পথ সুৰক্ষা মানি নিজৰ‌ লগতে দহৰো হিত সাধনত  গুৰুত্ব দিয়ে। আলোচনা সভাত শিক্ষক- ছাত্ৰ সকলোৱে এক জীপাল প্ৰশ্নোত্তৰ শিতানেৰে পথ সুৰক্ষাৰ বিভিন্ন দিশ আলোকপাত কৰাৰ লগতে নীতি -নিয়ম সমূহ সুচাৰুৰূপে মানি চলাৰ সংকল্প গ্ৰহণ কৰে ।