তামিলনাডুৰ কুন্নুৰৰ হেলিকপ্তাৰ দুৰ্ঘটনাত জেনেৰেল বিপিন ৰাৱটসহ ১৩ জন নিহত ৷এজন গুৰুতৰভাৱে আহত৷

বুধবাৰে নীলগিৰিৰ অৰণ্যত দেশৰ প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল বিপিন ৰাৱটৰ লগতে ১৩ জন সেনা শ্বহীদ । আজি তেওঁলোকৰ নশ্বৰ দেহ অনা হ’ব নতুন দিল্লীলৈ। কাইলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব আটাইকেইজনকে৷উল্লেখ্য যে ভাৰতীয় বায়ু সেনাৰ MI17 হেলিকপ্টাৰ এখন দুৰ্ঘটনাগ্ৰস্ত (Army Helicopter Crashed in Tamilnadu) হোৱাত জেনেৰেল বিপিন ৰাৱটকে ধৰি ১৩ জন সেনা বিষয়াৰ মৃত্যু হয়। এওলোকৰ ভিতৰত আছিল বিপিন ৰাৱটৰ প্ৰতিৰক্ষা সহকাৰী ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰ, লেফটেনেণ্ট কৰ্ণেল হৰজিন্দৰ সিং, উইং কমাণ্ডাৰ পৃথ্বি সিং চৌহান, স্কোৱাড্ৰন  লীডাৰ ক সিং, JWO দাস,  JWO প্ৰদীপ এ, নায়ক গুৰসেৱক সিং, নায়ক জিতেন্দ্ৰ কুমাৰ, লেন্স নায়ক বিবেক কুমাৰ, লেন্স নায়ক বি ছাই তেজা, হাবিলদাৰ সতপাল ৰায়ৰো মৃত্যু হয়। এই মৰ্মান্তিক ঘটনাই সমগ্ৰ দেশবাসীক শোকাহত কৰিছে৷ইতিমধ্যে বিভিন্ন দেশে শোক প্ৰস্তাৱ প্ৰেৰণ কৰিছে৷