PR NEWS ASSAM: ১ জানুৱাৰী ২০২২ বৰ্ষক ভিত্তি বৰ্ষ হিচাপে লৈ সমগ্ৰ দেশৰ লগতে নাজিৰা নিৰ্বাচনী জিলাৰ অন্তৰ্গত ১০৪ নং নাজিৰা বিধান সভা সমষ্টিতো ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া ২০২২ আৰম্ভ কৰা হৈছে। আজি নাজিৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত জিলা নিৰ্বাচনী বিষয়া তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপৰ পৌৰহিত্যত এই বিষয়ে ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু সাংবাদিক সকলৰ লগত এখনি সভাৰ আয়োজন কৰা হয়। ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশৰ লৈকে ১০৪ নং নাজিৰা বিধান সভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হল ১,৩৫,২৬০ জন, তাৰে পুৰুষ ভোটাৰ ৬৭,৬১৯ জন আৰু মহিলা ৬৭,৬৪১ জন। পূৰ্বৰ ভোটাৰ আছিল ১,৩৩,৬৬৮ জন। পূৰ্বৰ পৰা মুঠ ভোটাৰৰ বৃদ্ধি সংখ্যা হৈছে ১৫৯২(১.১৯%)। বিশেষ ভাৱে সক্ষম ভোটাৰৰ সংখ্যা হৈছে ১১৩৭। ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে, ১০৪ নং নাজিৰা বিধান সভা সমষ্টিতো ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম ১ নৱেম্বৰ, ২০২১ৰ পৰা আৰম্ভ হব। উক্ত দিনাই জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আৰু প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত ফটো যুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হব। ১ নৱেম্বৰ, ২০২১ৰ পৰা ৩০ নৱেম্বৰ, ২০২১ লৈকে দাবী আপত্তি সমূহ সেই এলেকাৰ ভোট কেন্দ্ৰ সমূহত বুথ পৰ্যায়ৰ বিষয়াৰ যোগেদি আৰু nsvp.in আৰু ভোটাৰ হেলপ লাইন মবাইল এপৰ যোগেদি অনলাইন প্ৰক্ৰিয়াৰে নাম ভৰ্ত্তি কৰাৰ সুযোগ লাভ কৰিব পাৰিব। ভোটাৰ ৰাইজে ৬ নং প্ৰ-পত্ৰৰ জৰিয়তে নতুন নাম ভৰ্ত্তি, ৭নং প্ৰ-পত্ৰৰ জৰিয়তে কোনো ব্যক্তিৰ মৃত্যু হোৱা, বিভিন্ন কাৰণত স্থানান্তৰিত হোৱা আদিৰ ক্ষেত্ৰত নাম কৰ্তন, ৮নং প্ৰ-পত্ৰৰ জৰিয়তে নাম/উপাধি/সম্বন্ধ/ঠিকনা আদি সংশোধন আৰু ৮ক নং প্ৰ-পত্ৰৰ জৰিয়তে একেটা সমষ্টিৰ ভিতৰতে এটা কেন্দ্ৰৰ পৰা আন এটা কেন্দ্ৰলৈ নাম সাল-সলনি কৰিব পাৰিব। ২০ ডিচেম্বৰৰ ভিতৰত সকলোধৰণৰ ওজৰ আপত্তি নিষ্পত্তি কৰি অহা ৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। অহা ১ জানুৱাৰী ২০২২ত ১৮ বছৰ সম্পূৰ্ণ কৰা সকলেও ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কৰিব পাৰিব। তদুপৰি ভোটাৰ তালিকাত নাম, ঠিকনা, ফটো আদি ভুল হৈ থকা সকলেও সংশোধনীৰ বাবে আবেদন কৰিব পাৰিব লগতে নাম কৰ্তন কৰিব পাৰিব । সেয়েহে যি সকল লোকে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰিব বিচাৰে বা কাৰোবাৰ নাম কৰ্তন বা সংশোধন কৰিবলগীয়া থাকিলে উক্ত সময়ৰ ভিতৰতে নিৰ্দিষ্ট প্র -পত্ৰত আবেদন কৰিবলৈ নাজিৰা জিলা নিৰ্বাচনী বিষয়া সব্যসাচী কাশ্যপে ৰাইজৰ প্ৰতি আহ্বান জনায়।
নাজিৰা মহকুমা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্রক্রিয়া, ২০২২
