PR NEWS ASSAM নাজিৰাঃ
অসম গণ পৰিষদ নাজিৰা আইনকোষৰ উদ্যোগত নাজিৰা প্ৰেছ ক্লাৱৰ সভাগৃহত অনুষ্ঠিত এক সংবাদমেলত আইন বিষয় সম্বলিত এখনি গোহাৰি নাজিৰা মহকুমাৰ সাংবাদিকসকলৰ উপস্থিতিত উন্মোচন কৰা হয়৷অসম গণ পৰিষদ নাজিৰা আইনকোষৰ আইনী উপদেষ্টা তথা আহ্বায়ক পংকজ মহন্তই উদ্যোগ লোৱা উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে অধিবক্তা অচ্যুত কোৱঁৰ,অগপ নাজিৰা বিধান পৰিষদৰ সভাপতি মৃদুল মহন্ত,সম্পাদক প্ৰাঞ্জল বৰঠাকুৰ লগতে দলীয় কেইবাজনো নেতাকৰ্মীয়ে৷নাজিৰা প্ৰেছ ক্লাৱৰ সভাপতি বুলু চেতিয়াই উক্ত আইন শীৰ্ষক গোহাৰিখন উন্মোচন কৰে৷লগতে জেষ্ঠ্য সাংবাদিক অনুজ ৰাজখোৱাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷অগপৰ আইনকোষৰ উপদেষ্টাজনে জনায় যে অতি শীঘ্ৰেই নাজিৰা বিধানসভা সমষ্টিৰ প্ৰতিঘৰ ৰাইজক এই গোহাৰি হাতত তুলি ধৰা হ’ব৷ সভাত কেইবাজনো সাংবাদিক উপস্থিত থাকে আৰু এনে প্ৰচেষ্টাৰ শলাগ লয়৷উল্লেখ্য যে এটা ৰাজনৈতিক দলৰ এনে সমাজহিতৈষী প্ৰচেষ্টা যথেষ্ট তাৎপৰ্য বহন কৰিছে, হয়তো ৰাজ্যত ৰাজনৈতিক দলৰ এনে প্ৰচেষ্টা হয়তো প্ৰথম৷
নাজিৰাত অগপ আইন কোষৰ আইন সজাগতা কাৰ্যসূচীৰ শুভাৰম্ভ৷
