নিউজ ডেস্ক PR NEWS ASSAMঃ
অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমৌ ৰাজহুৱা খেলপথাৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হয়৷উক্ত কাৰ্যসুচীত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী তথা দলৰ সভাপতি অতুল বৰা,মন্ত্ৰী তথা দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত,দলৰ জেষ্ঠ্য নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰী,বিধায়ক প্ৰদীপ হাজৰিকা, বিধায়ক ভৱেন ভৰালী,বিধায়ক পোনাকণ বৰুৱা,প্ৰাক্তন মন্ত্ৰীদ্বয় হিৰণ্য কোৱঁৰ আৰু নুৰুল হুছেইন,সম্পাদকদ্বয় তুলসী গগৈ আৰু দিগন্ত কোৱঁৰ,সাংগঠনিক সম্পাদক কুশল দত্ত,অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁইকে ধৰি মহিলা পৰিষদ ,চাহ পৰিষদ, ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব আৰু শিৱসাগৰ জিলা পৰিষদ,বিভিন্ন বিধান পৰিষদৰ সভাপতি সম্পাদকৰ লগতে নেতা-কৰ্মীৰ লগতে প্ৰায় দুই সহস্ৰাধিক শুভাকাংক্ষী তথা আঞ্চলিকতাবাদত বিশ্বাসীলোক উপস্থিত থাকে৷সভাৰ মাজতে থাওৰা উপনিৰ্বাচনৰ বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ো উপস্থিত থাকে ৷

