PR NEWS ASSAM নাজিৰাঃ
যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীজনে ডিজিটেল লেনদেন কৰাৰ বাবে সংবাদ মাধ্যম তথা বিভিন্ন বিজ্ঞাপনৰ যোগেদি বিভিন্ন প্ৰতিষ্ঠান আৰু দেশৰ জনসাধাৰণক আহ্বান জনাই আহিছে,সেইসময়তে ইতিমধ্যে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত উক্ত কাৰ্যকৰী হোৱাৰ পাছতো নাজিৰাৰ বিশেষকৈ বেজবৰুৱা পেট্ৰল পাম্প আৰু চাৰিআলিস্থিত লাহতী পেট্ৰল পাম্পত এই ব্যৱস্থাক উপেক্ষা কৰি অহা হৈছে৷জনসাধাৰণে এই ব্যৱস্থাৰ যোগেদি লেনদেন কৰাৰ আগ্ৰহ প্ৰকাশ কৰে যদিও উক্ত প্ৰতিষ্ঠান দুটাৰ কতৃপক্ষই এই ক্ষেত্ৰত তেনে সুবিধা গ্ৰাহকক প্ৰদান নকৰাৰ অভিযোগ উঠিছে৷তদুপৰি বৰ্তমান প্ৰতিষ্ঠানসমূহত ব্যৱহাৰ কৰা গ্ৰাহকক তেল দিয়া মেচিনসমূহত অটোমেটিকভাৱে গ্ৰাহকে দিয়া টকাৰ পৰিৱৰ্তে তেলৰ পৰিমাণ ধাৰ্য কৰাৰ পাছতো কৰ্মচাৰীসকলে তেল মেচিনৰ পাইপত তেল ব্লক কৰি দিয়াৰ অভিযোগ উঠিছে তাৰ ফলত গ্ৰাহকে পৰিশোধ কৰা টকাৰ পৰিমাণতকৈ সম পৰিমাণ তেল পোৱাৰ পৰা বঞ্চিত হৈ আহিছে৷এই বিষয়ত অসামৰিক যোগান বিভাগে বিহিত ব্যৱস্থা লোৱাৰ অতি প্ৰয়োজনীয়তা আহি পৰিছে৷ৰাইজে মহকুমাধিপতিজনৰ এই ক্ষেত্ৰত হস্তক্ষেপ বিচাৰিছে৷
নাজিৰাত ডিজিটেল লেনদেন নকৰে পেট্ৰল-ডিজেল বিক্ৰী প্ৰতিষ্ঠানে৷
