শেহতীয়াকৈ ৰাজ্যখনত তালিবানৰ সমৰ্থক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷ বিধায়ক হাজৰিকাই কয়- তালিবানৰ প্ৰতি সমৰ্থন আগবঢ়োৱা সকল দেশদ্ৰোহী আৰু মানৱতাহীন৷তেঁওলোকৰ ওপৰত চৰকাৰে কঠোৰৰপৰা কঠোৰতম ব্যৱস্থা ল’ব লাগে৷অসমৰ মাটিত থাকি অসমৰ বায়ু পানী সেৱন কৰি তালিবানক সমৰ্থন কৰাসকলক আইনে দৃষ্টান্তমুলক শাস্তি দিয়ক৷মহাপুৰুষ গুৰুসকলৰ অৱদান আৰু সংস্কৃতিক প্ৰত্যাহ্বান জনোৱা এনে শক্তিৰ অসমৰ মাটিত কোনো স্থান নাই৷সেই শক্তি অসমৰ পৰা বিতাড়িত কৰিব লাগিব,আমি যিকোনো প্ৰকাৰে এই কাম কৰিব লাগিব৷ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এনে অপশক্তি সমুহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ,ই অতি জৰুৰী বুলিও মন্তব্য প্ৰকাশ কৰে চতিয়াৰ বিধায়কগৰাকীয়ে ৷
অসমত থাকি তালিবানক সমৰ্থন কৰা সকলক কঠোৰ শাস্তি দিয়ক বিধায়ক ঃপদ্ম হাজৰিকা৷
