PR NEWS ASSAM শিৱসাগৰঃ
শিৱসাগৰ জিলা প্ৰশাসনে আজি জাৰি কৰা এক জাননী যোগে জিলাখনৰ সকলো চৰকাৰী চাকৰিয়াল, পেঞ্চনভোগী পৰিয়াল, বাৰ্ষিক আয় ১ লাখ টকাৰ ওপৰৰ বে-চৰকাৰী চাকৰিয়াল, আর্থিকভাৱে স্বচ্ছল ব্যৱসায়ী বা ঠিকাদাৰ অথবা চাৰিচকীয়া বাহনৰ অধিকাৰী আদি আৰু যিসকল লোকৰ ৰেচন, কেৰাচিন আদিৰ প্ৰয়োজন নাই, সেই সকলক স্বেচ্ছাই ৰেচন কার্ডসমূহ তাৎক্ষণিক ভাৱে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমাৰ শিৱসাগৰ অথবা নাজিৰাৰ সংশ্লিষ্ট শাখাত সমৰ্পণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।উল্লেখ্য যে, বিগত সময়চোৱাত প্ৰাপ্ত অভিযোগ মৰ্মে শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত বহুতো পৰিয়ালে “ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০০৩” -ৰ অধীনত ৰেচন কাৰ্ড নীতিবহিৰ্ভূত ভাৱে নিজৰ জিম্মাত ৰাখি ইয়াৰ মাধ্যমেৰে চাউল, কেৰাচিন আদি লাভ কৰি আহিছে। এই সন্দৰ্ভত জিলা প্ৰশাসনৰ তৰফৰ পৰা বহুবাৰ এনেধৰণে উপভোগ কৰি থকা কাৰ্ডসমূহ সমৰ্পণ কৰাৰ বাবে আহ্বান জনোৱা হৈছিল যদিও একাংশ পৰিয়ালে এই আহ্বানৰ প্ৰতি কোনো সঁহাৰি জনোৱা পৰিলক্ষিত হোৱা নাই। ইয়াৰ উপৰিও অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এনে পৰিয়াল সমূহক তেওঁলোকৰ জিম্মাত থকা ৰেচন কার্ডসমূহ সমৰ্পণ কৰিবলৈ আহ্বান জনাইছিল।

