PR NEWS ASSAM নাজিৰা ঃ
নাজিৰা নগৰৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত ক’ভিড প্ৰ’টকল মানি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়৷নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি জনসাধাৰণক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশিষ্ট শিক্ষাবিদ,খেতিয়ক,ক্ৰীড়াবিদসকলক মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা আগবঢ়োৱা হয়৷

