সমাজ কল্যাণ বিভাগত তৎপৰতা মন্ত্ৰী অজন্তা নেওগৰ৷

নিউজ ডেস্ক PR NEWS ASSAMঃ মন্ত্ৰী অজন্তা নেওগে তৎপৰতা দেখুওৱাই সমাজ কল্যাণ সঞ্চালকালয়ত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত উপস্থিত হৈ বিভাগটোত বিভিন্ন কাম-কাজৰ বুজ লয় ।অসমৰ বিভিন্ন ঠাইত নতুনকৈ স্থাপন হ’বলগীয়া আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ লগতে ইতিমধ্যে থকা অংগনবাড়ী কেন্দ্ৰসমূহত বিশুদ্ধ খোৱা পানী আৰু বিদ্যুৎ সংযোগৰ সু-ব্যৱস্থা বিষয়েও বৈঠকত আলোচনা কৰা হয়। শিশু, মহিলা, দিব্যাংগ আৰু আন আন লোকসকলে যাতে সমাজ কল্যাণ বিভাগৰ সকলো আঁ‌চনিৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক চোকা দৃষ্টি ৰাখিবলৈ স্থানীয় জনপ্ৰতিনিধিসকলক বিভাগৰ আঁ‌চনিসমূহৰ বিষয়ে নিয়মীয়াকৈ অৱগত কৰিবলৈ এক সজাগতামূলক কাৰ্যপন্থা হাতত ল’বলৈ নিৰ্দেশ দিয়ে। লগতে, প্ৰসূতি মাতৃ আৰু নৱজাতকৰ সমস্যাত গুৰুত্ব প্ৰদান কৰে৷