নাজিৰা মহকুমাত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে ব্যাপক অভিযান অব্যাহত ৰাখিছে । মহকুমাখনত ক’ভিডত আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চুলাই মদ আৰু সুৰা বিক্ৰী কৰা ঠাইসমূহ যাতে ক’ভিড সংক্ৰমণৰ স্থলীলৈ পৰিণত নহয়, তাৰ বাবে ব্যাপক অভিযান চলাবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল। এই নিৰ্দেশৰ পাছতেই আবকাৰী বিভাগে মহকুমাখনৰ বিভিন্ন প্ৰান্তত অভিযান তীব্রতৰ কৰি তুলিছে । মহকুমাখনৰ ভিন ভিন ঠাইত যোৱা কেইবাদিন ধৰি মহকুমাধিপতি সব্যসাচী কাশ্যপৰ নিৰ্দেশমৰ্মে তথা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত আবকাৰী পৰিদৰ্শক চন্দন বুঢ়াগোহাঁই আৰু শিৱসাগৰ জিলাৰ আবকাৰী অধীক্ষক ৰাজু কুমাৰ মহন্তৰ নেতৃত্বত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে। এই পৰ্য্যন্ত মহকুমাটোৰ ১ নং ৱাৰ্ড নাজিৰা নগৰ, চকীমুখ,মেজেঙ্গা, কেতেকিবাৰী,বামুণ পুখুৰী, সাপজান,চণ্টক,গেলেকী লাহন গাওঁ,মেছ গাঁও,হাট্টীপট্টী,বগীবস্তী,আইদেউ বাৰী,বালিঘাট,খিমুনগাওঁ,লক্ষ্মী জান বাগিচা, বিহুবৰ বাগিচা, আছলাবাৰী,লাকুৱা লুণপুৰীয়া গাওঁ, বৰদুৱাৰ মুখ,চণ্টক আদি ঠাইত অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই আৰু অবৈধ সুৰা তথা সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰা হয়।এই অভিযানকালত ৩,০৪৫ লিটাৰ মদ বনোৱা পাছ, ৭০ লিটাৰ চুলাই মদ, ১৩.৭৪ লিটাৰ বিদেশী সুৰা,১২.৬ লিটাৰ দেশীয় সুৰা, ১০.৫ লিটাৰ বিয়েৰ, ১৪০ কেজি লালী গুৰ আৰু ১১টা চুলাই মদ প্ৰস্তুত কৰা সঁজুলি জব্দ কৰা হয়। আবকাৰী বিভাগে চলোৱা ৮ টা অভিযানত ১১ টা এনে ঘটনা পোহৰলৈ আহে আৰু এটা গোচৰ ইতিমধ্যে ৰুজু কৰা হৈছে।
*নাজিৰা মহকুমাত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ ব্যাপক অভিযান*
