গোলাঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা বগৰীজেং পুলিচ প্লে গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা সভাত বিগত মাহত জব্দ কৰা ড্ৰাগছ নিজ হাতে অগ্নি সংযোগ কৰি নষ্ট কৰে। ড্ৰাগছৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা ড্ৰাগছৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলি উল্লেখ কৰি এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে। ইয়াৰপিছতে ক’ভিড-১৯ ত স্বামীহাৰা হোৱা ৩৫ গৰাকী মহিলাক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে আঢ়ৈ লাখকৈ টকাৰ সাহাৰ্য প্ৰদান কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীক ড্ৰাগছ ব্যৱসায়ী বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ স্বাধীনতা প্ৰদান কৰি উৎসাহিত কৰে । বিশেষকৈ ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে কৰা যুজঁ খনত অসম আৰক্ষীয়ে লাভ কৰা সফলতাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । এই অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ,মন্ত্ৰী অজন্তা নেওগ , অতুল বৰা, কেশৱ মহন্ত , অশোক সিংঘল বিধায়ক ভৱেন ভৰালী, প্ৰশান্ত ফূকনযোগেন মোহন , বিশ্বজিৎ ফূকন ।
ড্ৰাগছৰ বিৰুদ্ধে শূণ্য সহনশীল মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ৷
