নেচাৰ ৰিভাইভেল ছ’চাইটি” উদ‍্যোগ: মেছাগড়ত ঐতিহ্য গৱেষণা কেন্দ্ৰ আৰু গ্ৰন্থাগাৰ স্থাপনৰ প্ৰস্তুতি৷


PR NEWS ASSAM নাজিৰা:: নাজিৰা মহকুমা অন্তৰ্গত মেছাগড়ত অলপতে অনুষ্ঠিত এক গাম্ভীৰ্য্যপুৰ্ণ অনুষ্ঠানৰ মাজেৰে “নেচাৰ ৰিভাইভেল ছ’চাইটি” নামৰ এক সামাজিক অনুষ্ঠানৰ আত্মপ্ৰকাশ ঘটে । বৃহত্তৰ মেছাগড়ৰ উপৰি সামগ্ৰীকভাবে ৰাজ‍্যখনৰ সামাজিক, অৰ্থনৈতিক , বৌদ্ধিক বিকাশ সাধনৰ সহায়ক হোৱাকৈ এক বিস্তৃত কৰ্ম আঁচনিৰে অগ্ৰসৰ হৈছে সামাজিক সংগঠনটোৱে । এই উদ্দেশ্য মেছাগড় আমকটীয়া গোহাঁই গাঁৱৰ বীৰাঙ্গনা মুলাগাভৰু বিদ‍্যালয়ত কভিদ প্ৰটকল মানি অনুস্থিত হোৱা এক সভাত সামাজিক সংগঠনটোৰ মুল উদ‍্যোগতা ডঃ ৰুবুল বুঢ়াগোহাঁই আৰু ডঃ নৱজ‍্যোতি বড়াই ইয়াৰ লক্ষ্য- উদ্দেশ্য সম্পৰ্কে বিস্তৃত ব‍্যাখ‍্যা আগবঢ়ায়৷সমাজসেৱী নবীন বৰগোহাঞিৰ সভাপতিত্বত অনুুুষ্ঠিত এই অনুষ্ঠানত দুয়োগৰাকী উদ‍্যোগতাই সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপ অনুসৰি শিক্ষানুষ্ঠানৰ পৰিবেশ সেউজীকৰণৰ উদ্দেশ্যে “মোমাই তামুলী বৰুৱা সেউজ আঁচনি ” ৰূপায়ণ কৰাৰ লগতে এই ঐতিহ্য গৱেষণা কেন্দ্ৰ আৰু কথাশিল্পী হোমেন বৰগোহাঞি গ্ৰন্থাগাৰ আৰু সংগ্ৰাহালয় স্থাপনৰ বিষয়ে সদৰী কৰে । সভাত সমাজসেৱী থানু বৰগোহাঞি, দিগন্ত বৰগোহাঞি,  কেশৱ বৰগোহাঞি উপস্থিত আছিল। এই অনুষ্ঠানতে পৰিস্মিতা বুঢ়াগোহাঁই, বিবেকা বৰগোহাঞি , চুচন বৰগোহাঞিক সম্বৰ্ধনা জনোৱা লগতে প্ৰয়াত শিক্ষয়িত্ৰী দেৱবালা বৰগোহাঞি আৰু স্বৰ্ণ বৰগোহাঞি সোঁৱৰণিত গছপুলি ৰোপণ কৰা হয়।