কোভিডৰ তৃতীয় ঢৌ আৰু অক্সিজেন উৎপাদনাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক ,চিন্তিত প্ৰধানমন্ত্ৰী৷

নিউজ ডেস্ক PR NEWS ASSAM ঃ দেশত অক্সিজেনৰ উৎপাদন বৃদ্ধি আৰু উপলব্ধতা সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মোদীৰ অধ্যক্ষতাত শুকুৰবাৰে দিনৰ ১১.৩০ বজাত অনুষ্ঠিত হয় এই বৈঠক। দেশৰ ক’ভিড পৰিস্থিতি, ক’ভিডৰ আগন্তুক তৃতীয় ঢৌৰ সৈতে যুজঁ কৰিব পৰাকৈ দেশৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে এই বৈঠকত। ক’ৰোনাৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ ইতিমধ্যেই সাজু হৈছে সমগ্ৰ দেশ। ৰাজ্যসমূহৰ সহযোগত শেহতীয়াকৈ কেন্দ্ৰই আৱণ্টন দিছে ক’ভিড জৰুৰীকালীন পেকেজ। ২৩,২২০ কোটি টকাৰ এই আঁচনিৰ জৰিয়তে বিশেষভাৱে শিশুৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। আঁচনিখনৰ আৱণ্টিত মুঠ টকাৰ ১৫০০০ কোটি কেন্দ্ৰৰ তৰফৰ পৰা আৰু বাকী ৮০০০ কোটি টকা ৰাজ্যচৰকাৰসমূহে প্ৰদান কৰিব। ইয়াৰ দ্বাৰা প্ৰতিখন জিলা চিকিৎসালয়ত ১০ হাজাৰ লিটাৰ অক্সিজেন ষ্ট’ৰেজৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যচৰকাৰসমূহে। ইয়াৰ উপৰি আৰু অতিৰিক্ত ক’ভিড হাস্পতাল নিৰ্মাণ কৰা হ’ব প্ৰতিখন জিলাত।প্ৰধানমন্ত্ৰীজনে সম্ভাৱ্য ক’ভিডৰ তৃতীয়টো ঢৌক এনেবোৰ পদক্ষেপে সহজে প্ৰতিৰোধ কৰিব পাৰিব বুলি আগ্ৰহ প্ৰকাশ কৰে৷