নাজিৰাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰতিবাদ৷

 PR NEWS ASSAM ঃ

নাজিৰাত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ বয়-বস্তুৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত৷দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয়ভাৱে মূল্যবৃদ্ধিয়ে জনসাধাৰণক মাধমাৰ দিয়াৰ প্ৰতিবাদত আজি নাজিৰাৰ পাৰ্টিৰ কাৰ্যালয়ত দলীয় নেতা-কৰ্মীসকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীৰে চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে৷দলৰ নেতা কনক গগৈৰ নেতৃত্বত এই কাৰ্যসূচী ৰুপায়ন কৰা হয়৷উল্লেখ্য যে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই ধৰ্ণা কাৰ্যসূচী সমগ্ৰ ভাৰততেই ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে পালন কৰিছে৷স্থানীয় ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ কৰ্মকৰ্তাই অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবৰ বাবে নাজিৰাৰ মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷