PR NEWS ASSAM নাজিৰাঃ
বৰ্তমান সময়ত ক’ভিড মহামাৰীৰ ভয়বহতা দিনক দিনে বৃদ্ধি পাই আহিছে ৷সমাজৰ এক গুৰুত্বপূৰ্ণ স্থান হিচাবে হাট-বজাৰ৷দৈনন্দিন জীৱনত জনসাধাৰণৰ মাজত প্ৰভাৱ পেলাই অহা পদপথৰ শাক-পাচলি,মাছ-মাংস আৰু ফলমূলৰ লগতে বিভিন্ন চহা-গাৱলীয়া ব্যৱসায়ীৰ মাজত ক’ভিডৰ প্ৰতিৰোধ তথা সজাগতামূলক কাৰ্যসূচী হিচাবে অসম গণ পৰিষদ আইন কোষৰ উদ্যোগত আৰু অসম গণ পৰিষদ নাজিৰা বিধান পৰিষদৰ সহযোগত সমগ্ৰ নাজিৰা নগৰত পদপথৰ ব্যৱসায়ীসকলৰ মাজত পুৱা ১১ বজাত মাস্ক,হেণ্ড গ্লুভছ আৰু চাবোন বিতৰণ কৰাৰ লগতে সজাগতা সৃষ্টি কৰে ৷উক্ত কাৰ্যসূচী আৰম্ভ হয় নাজিৰা কলেজ তিনিআলিৰ পৰা সমগ্ৰ নাজিৰা নগৰত৷কাৰ্যসূচী শুভাৰম্ভ কৰে অসম গণ পৰিষদ আইন কোষৰ আহ্বায়ক অধিবক্তা পংকজ মহন্তই,উপস্থিত থাকে নাজিৰা বিধান পৰিষদৰ সভাপতি মৃদুল মহন্ত,সম্পাদক প্ৰাঞ্জল বৰঠাকুৰ,
আইন কোষৰ সদস্য অচ্যুত কোৱঁৰ,তৌফিকুুৰ ৰহমান বড়া দলীয় জেষ্ঠ্য কৰ্মী প্ৰদীপ গগৈ,দিগন্ত কুমাৰ দাস,বিতুল চেতিয়াকে ধৰি কেইবাজনো দলীয় কৰ্মী৷

