শিৱসাগৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ক’ভিড চিকিৎসালয় উদ্বোধন৷

PR NEWS ASSAM, SIVASAGARঃ

আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শিৱসাগৰ জিলাৰ ৰজাবাৰীস্থিত অ’ এন জি চিৰ চাও ল্যুং চ্যুকাফা চিকিৎসালয়ত অতিৰিক্তভাৱে সংযোজিত চল্লিখখন বিচনাযুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন Inflatable ক’ভিড চিকিৎসালয়খন উদ্ধোধন কৰে৷ স্বাস্থ্যমন্ত্ৰী গৰাকীৰ সৈতে এই কাৰ্যসূচীত শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাইও উপস্থিত থাকে৷১৫ দিনৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱা এই চিকিৎসালয়ত ২০ অত্যাধুনিক আচি ইউ বিচনা সংলগ্ন কৰা হৈছে৷ উল্লেখ্য যে বিগত বৰ্ষৰ ক’ভিডৰ প্ৰথম ঢৌৰ সময়ত মাত্ৰ এমাহৰ ভিতৰতে বিশখন বিচনাযুক্ত ক’ভিড কেয়াৰ চেন্টাৰ নিৰ্মাণ কৰি শতাধিক ৰোগীক সেৱা আগবঢাইছিল চিকিৎসালয় খনে৷ ডঃ বিি আৰ আম্বেদকাৰ নামৰ প্ৰতিষ্ঠান নামৰ ন্যাসটোৱে ১৯৮৯ চনত মাত্ৰ কেইজনমান ৰাষ্ট্ৰসেৱা বাবে সমৰ্পিত চিকিৎসকৰ দ্ৱাৰা আৰম্ভ হোৱা এই ৰাষ্ট্ৰব্যাপী ন্যাসৰ দ্বাৰা মহাৰাষ্ট্ৰৰ ঔৰাঙ্গাবাদত প্ৰথম খন ৩০০ খন বিচনাযুক্ত আৰু নাচিকত ১০০ বিচনাযুক্ত চিকিৎসালয় অতি সফলতাৰে ৰাইজৰ সেৱাত উৎসৰ্গিত হোৱাৰ পাছতে ভৱিষ্যতে হ’বলগীয়া ১০০ খন বিচনাযুক্ত চ্যুকাফা চিকিৎসালয়খন উক্ত ন্যাসৰ অসমৰ লগতে উত্তৰ -পূবত জনসাধাৰণৰ বাবে বহুমূখী সুবিধা সম্পন্ন উন্নত মানৰ চিকিৎসা সেৱা প্ৰদান কৰী তৃতীয়টো প্ৰকল্প৷বৰ্তমান ৩০ খন বিচনাযুক্ত এই চিকিৎসালয় খনে আৰম্ভনীৰে পৰা এতিয়ালৈকে প্ৰায় ত্ৰিশ হেজাৰৰো অধিক বহিঃ বিভাগৰ ৰোগী প্ৰায় ওঠৰশ অন্তঃ বিভাগৰ ৰোগী সাতশ পঞ্চাশৰো অধিক শল্য চিকিৎসা প্ৰদান কৰিছে৷ তাৰোপৰি প্ৰায় তিনি হেজাৰৰো অধিক ৰোগীয়ে জৰুৰীকালীন সেৱা লাভ কৰিছে৷ এই চিকিৎসালয়ত বৰ্তমান আঠখন বিচনাযুক্ত উচ্চ প্ৰযুক্তি সম্পন্ন ডায়েলেচিচ সেৱা আগবঢ়াই আহিছে য’ত এতিয়ালৈকে প্ৰায় ছয়হেজাৰ ডায়েলেচিচ অতি কম খৰচত সম্পন্ন হয়৷ এই চিকিৎসালয়ত মেডিচিন বিভাগ শল্য বিভাগ,অস্থি বিভাগ ,স্ত্ৰী প্ৰসূতি বিভাগ, শিশু বিভাগ ,দন্ত বিভাগ ,নেত্ৰ বিভাগ ,ৰেডিঅ’লজি তথা আধুনীক পৰীক্ষাগাৰ এন্ডোস্কপি সেৱা উপলব্ধ ৷ইয়াৰ সৈতে আঠখন বিচনাযুক্ত আইচিইউ ২৪ ঘন্টাই উপলব্ধ জৰুৰীকালীন তথা ৰুগীৰ বাবে এম্বুলেঞ্চ উপলব্ধ৷ কৰোনাতংকৰ সময়ত কৰোনা ৰোগীৰ বাবে ২০ খন বিচনাযুক্ত এটি ক’ভিড কেয়াৰ কেন্দ্ৰ নিৰ্মাণ কৰি ১০০ ৰো অধিক ৰুগীক আৰুগ্য কৰা হয়৷ এই প্ৰকল্পৰ দ্বিতীয় পয্যাৰ্য়ত নিউৰোলজী ,ইউৰোলজী কাৰ্ডিঅলজী ,নেফ্ৰলজী ,নিউৰেচাৰ্জাৰী পেডিয়াট্ৰিক চাৰ্জাৰী ,চাৰ্জিকেল গেস্ট্ৰএন্ট্ৰোলজী প্লাষ্টিক চাৰ্জাৰী ,চিটিস্কেন ,এম আৰ আই ব্লাড বেংক আদি উপলব্ধ কৰা হ’ব বুলি চিকিৎসালয় কতৃপক্ষৰ্ই জানিবলৈ দিছে৷