নাজিৰা মহকুমাত সপ্তম আন্ত: ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন


PR NEWS ASSAM নাজিৰা ঃ

নাজিৰা চাৰিআলিস্থিত গো -শালাত নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুস অভিযানৰ সহযোগত সপ্তম আন্ত: ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। পুৱা ৭ বজাত নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে বন্তি প্ৰজ্বলন কৰি এই অনুষ্ঠান আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে আৰু যোগ দিৱস সম্পৰ্কে দুআষাৰ আগবঢ়ায়। তেওঁ যোগ দিৱসত অংশগ্ৰহণ কৰা লোক সকলক উদ্দেশ্যি কয়, “ভাৰতীয় সভ্যতা সংস্কৃতিত যোগাসনৰ প্ৰাচীন কালৰ পৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। যোগাসনে মানুহৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লগতে সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰাখে। যোগাসনৰ জৰিয়তে মানুহে আধ্যাত্মিক আৰু ধ্যানৰ প্ৰাণ শক্তি লাভ কৰে। তদুপৰি যোগে এখন সুস্থ, সবল আৰু নিকা সমাজ গঢ়াত অৰিহণা যোগায়।” অনুষ্ঠানত উপস্থিত থকা ভালে কেইজন ব্যক্তিয়ে আন্ত: ৰাষ্ট্ৰীয় যোগ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে নিজকে নি-ৰোগী কৰি ৰাখিবলৈ যোগাসনেই হৈছে উত্তম উপায়। দুৰাৰোগ্য পৰা পৰিত্ৰাণ পাবলৈ আৰু নিজকে সু-স্বাস্থ্যৰ অধিকাৰী কৰিবলৈ সকলো লোকে নিয়মীয়াকৈ অন্তত ৪০ মিনিট যোগা অভ্যাস কৰাতো প্ৰয়োজনীয়।উক্ত অনুষ্ঠান আঁত ধৰে শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য গোপাল বৰুৱাই নাজিৰা মহকুমা প্ৰশাসনৰ বিষয় ববীয়া সকলৰ উপৰিও ৰাষ্ট্ৰীয় আয়ুস অভিযান নাজিৰা শাখাৰ যোগা প্ৰশিক্ষক অসীম দত্ত তথা পতঞ্জলী যোগ সমিতি শাখাৰ ভালে সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠান সম্পূৰ্ণ ক’ভিড বিধি পালন কৰি উদযাপন কৰা হয়৷